ETV Bharat / state

পুৰুষৰ ডিঙিত ভঙা টিন আঁৰি টিংখাঙত ৰাইজৰ সমদল - পুৰুষৰ ডিঙিত ভঙা টিন আঁৰি ব্যতিক্ৰমী সমদল

এজন পুৰুষক সন্মুখত লৈ শতাধিক পুৰুষ মহিলাৰ এক ব্যতিক্ৰমী সমদল ৷ টিংখাঙৰ ৰাইডঙীয়া-বেতনি গাঁৱত হেমন্ত চাংমাই ওৰফে পিটি নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল ৷ যুৱকজনক স্থানীয় ৰাইজে ধৰি উত্তম মধ্যম শোধোৱাৰ লগতে যুৱকজনৰ ডিঙিত ভঙা টিন আঁৰি আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ্য যে,পুৰুষ নথকাৰ সুযোগ লৈ নিশা মহিলাক অশালীন ব্যৱহাৰৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে এই যুৱকজনৰ ওপৰত ৷

পুৰুষৰ ডিঙিত ভঙা টিন আঁৰি ব্যতিক্ৰমী সমদল

author img

By

Published : Sep 9, 2020, 7:39 PM IST

টিংখাং,9 ছেপ্তেম্বৰ:এজন পুৰুষক সন্মুখত লৈ শতাধিক পুৰুষ মহিলাৰ এক ব্যতিক্ৰমী সমদল ৷ টিংখাঙৰ ৰাইডঙীয়া-বেতনি গাঁৱত হেমন্ত চাংমাই ওৰফে পিটি নামৰ এজন যুৱকে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আহিছিল ৷

পুৰুষৰ ডিঙিত ভঙা টিন আঁৰি ব্যতিক্ৰমী সমদল

কৰ’ণাৰ সন্ত্ৰাসৰ মাজতেই টিংখাঙত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ সমাজত প্ৰচলিত অন্ধবিশ্বাসৰ সুযোগ লৈ পিছল মানুহৰ ভাও লৈ এই যুৱকজনে বিগত সময়ছোৱাত সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ বুধবাৰে যুৱকজনক স্থানীয় ৰাইজে উত্তম মধ্যম শোধোৱাৰ লগতে যুৱকজনৰ ডিঙিত ভঙা টিন আঁৰি আৰক্ষীক গতাই দিয়ে ৷ উল্লেখ্য যে,পুৰুষ নথকাৰ সুযোগ লৈ নিশা মহিলাক অশালীন ব্যৱহাৰৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপিত হৈছে এই যুৱকজনৰ ওপৰত ৷

যুৱকজনক লৈ যোৱা এই ব্যতিক্ৰমী সমদলটোৱে ভঙা টিন বজাই থানা অভিমুখে ৰাওনা হয় । নিশা বিশেষ কৌশলেৰে ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মহিলা আৰু যুৱতীক অপকৰ্ম কৰাৰ চেষ্টা চলাই অহাৰ লগতে চিঞৰ বাখৰ কৰিলে আন্ধাৰৰ সুযোগ গ্ৰহণ কৰি পলাই যোৱা পৰিলক্ষিত হৈছে ৷ এনেধৰণৰ বিকৃত মানসিকতাৰ এজন ব্যক্তিৰ কৰ্মকাণ্ডই টিংখাঙৰ এক বৃহত্তৰ অঞ্চলত মহিলাসকলৰ বাবে বিগত সময়ছোৱাত সন্ত্ৰাসৰ এক কাৰণ হৈ পৰিছিল । ইপিনে মঙলবাৰে নিশাও পিছল মানুহৰ ৰূপ ধাৰণ কৰি গাঁওখনত মাতৃ কন্যা থকা এঘৰত প্ৰৱেশ কৰি এগৰাকী যুৱতীক অশালীন ব্যৱহাৰ কৰিবলৈ চেষ্টা চলোৱাত স্থানীয় ৰাইজৰ হাতত ধৰা পৰে হেমন্ত চাংমাই ওৰফে পিটি নামৰ এজন যুৱকজন ৷

লগতে পঢ়ক:চৰকাৰী সাহায্যৰ বাবে আশাবাদী শয্যাগত ক্ৰীড়াপ্ৰেমী বসন্ত শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.