ETV Bharat / state

টিংখাঙত জিলা প্ৰসাশনৰ সংবাদকৰ্মী, ৰাজনৈতিক দলৰে মত বিনিময়

এইবাৰ ডিব্ৰুগড় জিলা প্ৰশাসনে অহা ২৬ মাৰ্চত ই ভি এম মেচিন প্ৰদান কৰাৰ সুবিধাৰ্থে দুটাকৈ স্থান নিৰ্ধাৰণ কৰিছে ৷ টিংখাং সমষ্টিত এইবাৰ ২৫ টা ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি পাইছে ৷ পূৰ্বতে ১৯৩ টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল ৷ এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ২১৮ টা ৷ ইয়াৰে জোঁকতলী চাহ বাগিচাৰ মজদুৰ ক্লাবৰ ভোটগ্ৰহণ কেন্দ্ৰটো স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে প্ৰশাসনে ৷ অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণৰূপে কভিড প্ৰট’কল মানি চলিব লাগিব ভোটাৰ ৰাইজে ৷ মাস্ক আৰু গ্লভছ পৰিধান কৰি ভোটদান কৰিব লাগিব ভোটাৰে ৷ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে ভোটাৰে নিৰ্বাচন আয়োগে ধাৰ্য কৰা পৰিচয় পত্ৰ লগত নিব লাগিব ৷

টিংখাঙত জিলা প্ৰসাসনৰ সংবাদকৰ্মী, ৰাজনৈতিক দলৰে মত বিনিময়

author img

By

Published : Mar 12, 2021, 3:15 PM IST

টিংখাং, ১২ মাৰ্চ: অসম বিধানসভা নিৰ্বাচনলৈ মাজত আৰু কেইটামান দিনহে বাকী । নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে ৰাজ্যৰ সকলো জিলা প্ৰশাসন । সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ টিংখাং বিধানসভা সমষ্টিতো নিৰ্বাচনক লৈ তৎপৰ হোৱা পৰিলক্ষিত হয় । শুকুৰবাৰে টিংখাং সমষ্টিৰ ৰাজগড়স্থিত জিলা পৰিষদৰ ভৱনত সমষ্টিটোৰ সংবাদকৰ্মী, প্ৰাৰ্থী, বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে জিলা প্ৰশাসনে । অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনত সকলোৰে সহযোগিতাৰে শান্তিপূৰ্ণভাৱে নিৰ্বাচন সম্পন্ন কৰিবলৈ আহ্বান জনায় প্ৰশাসনে ।

টিংখাঙত জিলা প্ৰসাসনৰ সংবাদকৰ্মী, ৰাজনৈতিক দলৰে মত বিনিময়
টিংখাঙত জিলা প্ৰসাসনৰ সংবাদকৰ্মী, ৰাজনৈতিক দলৰে মত বিনিময়

প্ৰশাসনৰ বিনা অনুমতিত কোনোধৰণৰ নিৰ্বাচনী সভা সমিতি অনুষ্ঠিত নকৰিবলৈ সকলো ৰাজনৈতিক দললৈ আহ্বান জনায় । পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে সভা, সমিতি অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় ৷ নিৰ্বাচনী সভাত কোনোধৰণৰ সাম্প্ৰদায়িক মন্তব্য নিদিবলৈ সকলো ৰাজনৈতিক দলক আহ্বান জনোৱাৰ লগতে টকা-পইচা অথবা অন্যান্য সামগ্ৰী দি ভোটাৰক প্ৰলোভিত নকৰিবলৈ আহ্বান জনায় টিংখাং বিধানসভা সমষ্টিৰ নিৰ্বাচনী সাধাৰণ পৰ্যবেক্ষকৰ দায়িত্ব লাভ কৰা শ্ৰৱণ কুমাৰ জাটাৱট, ডিব্ৰুগড়ৰ উপায়ুক্ত পল্লৱ গোপাল ঝা, অতিৰিক্ত উপায়ুক্ত তথা ডিব্ৰুগড় জিলাৰ নিৰ্বাচনী বিষয়া জিতু কুমাৰ দাসসহ জিলা প্ৰশাসনৰ অন্যান্য বিষয়াসকলে । নিৰ্বাচন সম্পৰ্কীয় কোনো ওজৰ আপত্তি থাকিলে পৰ্যবেক্ষক শ্ৰৱণ কুমাৰৰ ৮৬৩৮০৭৯৫৬৫ মোবাইল নম্বৰত অভিযোগ জনাবলৈ আহ্বান জনায় ৷

এইবাৰ ডিব্ৰুগড় জিলা প্ৰশাসনে অহা ২৬ মাৰ্চত ই ভি এম মেচিন প্ৰদান কৰাৰ সুবিধাৰ্থে দুটাকৈ স্থান নিৰ্ধাৰণ কৰিছে ৷ উল্লেখ্য যে, টিংখাং সমষ্টিত এইবাৰ ২৫ টা ভোটগ্ৰহণ কেন্দ্ৰ বৃদ্ধি পাইছে ৷ পূৰ্বতে ১৯৩ টা ভোটগ্ৰহণ কেন্দ্ৰ আছিল ৷ এইবাৰ ভোটগ্ৰহণ কেন্দ্ৰ হৈছে ২১৮ টা ৷ ইয়াৰে জোঁকতলী চাহ বাগিচাৰ মজদুৰ ক্লাবৰ ভোটগ্ৰহণ কেন্দ্ৰটো স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে প্ৰশাসনে ৷ অহা ২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ ভোটগ্ৰহণ কেন্দ্ৰত সম্পূৰ্ণৰূপে কভিড প্ৰট’কল মানি চলিব লাগিব ভোটাৰ ৰাইজে ৷ মাস্ক আৰু গ্লভছ পৰিধান কৰি ভোটদান কৰিব লাগিব ভোটাৰে ৷ ভোটগ্ৰহণ কেন্দ্ৰলৈ যাওঁতে ভোটাৰে নিৰ্বাচন আয়োগে ধাৰ্য কৰা পৰিচয় পত্ৰ লগত নিব লাগিব ৷ শুকুৰবাৰৰ এই অনুষ্ঠানত টিংখাঙৰ ৰাজহ চক্ৰ বিষয়া ভাস্কৰজ্যোতি বৰা, খণ্ড উন্নয়ন বিষয়া, সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধি, স্থানীয় সাংবাদিকসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: হাগ্ৰামাৰ বিৰুদ্ধে বাক্সাত শিল-বালিৰ চিণ্ডিকেটৰ গুৰুতৰ অভিযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.