ETV Bharat / state

মৰাণৰ কোৱাৰেণ্টাইন কক্ষত আজৱ কাণ্ড ; হোম কোৱাৰেণ্টাইনত গৰ্ভৱতী মহিলা - লেঙেৰীৰ দুজন,ধমনৰ এজন,চাৰেংপথাৰ এজন,৩নং গেৰেকনি

মহামাৰী ক'ৰণাক লৈ ডিব্ৰুগড় জিলাৰ মৰাণত স্বাস্থ্য বিভাগ আৰু প্ৰশাসনৰ ল'ৰা ধেমালী । কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ পঠিয়াই দিয়া বহুজনৰ শৰীৰত কভিড-১৯ৰ অৱস্থিতি।আতংকিত টিংখাংবাসী।

Tingkhong_Contanment_Zone
মৰাণৰ কোৱাৰেণ্টাইন কক্ষত আজব কাণ্ড
author img

By

Published : Jun 12, 2020, 8:01 PM IST

ডিব্ৰুগড়, ১২জুন: মৰাণৰ কোৱাৰেণ্টাইন চেণ্টাৰত কৰ্তৃপক্ষৰ চৰম গাফিলতি । ক'ভিড মুক্ত বুলি কোৱাৰেণ্টাইন চেণ্টাৰৰ পঠাই দিয়া লোকৰ দেহত ধৰা পৰিছে কভিড-১৯ পজিটিভ । ফলত এনে লোকৰ সংস্পৰ্শলৈ অহা বহু লোক হ'ব লগা হৈছে হোম কোৱাৰেণ্টাইন। এইসকল ভুক্তভোগীৰ মাজত আছে গৰ্ভৱতী মহিলাও।

Tingkhong_Contanment_Zone
মৰাণৰ কোৱাৰেণ্টাইন কক্ষত আজৱ কাণ্ড ; হোম কোৱাৰেণ্টাইনত গৰ্ভৱতী মহিলা

উল্লেখ্য যে,টিংখাঙৰ লেঙেৰীৰ দুজন,ধমনৰ এজন,চাৰেংপথাৰ এজন,৩নং গেৰেকনিৰ এজনকে ধৰি মুঠ পাঁচজনক মৰাণৰ জৱাহৰ নবোদয় বিদ্যালয়ত স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা পৰীক্ষাৰ সম্পূৰ্ণ ফলাফল লাভ নকৰাকৈয়ে ঘৰলৈ যাবৰ বাবে অনুমতি দিয়াৰ পিছত এই আটাই কেইগৰাকীৰ দেহত ক'ভিড-১৯ পজিটিভ পোৱা ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে সমগ্ৰ টিংখাঙত ৷ আতংকিত হৈ পৰিছে সমগ্ৰ টিংখংবাসী। কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা ঘৰলৈ যাব দিয়া এইসকলৰ দেহত ক'ভিড-১৯ৰ অৱস্থিতি থকা বুলি কৈ দুই তিনিদিনৰ অন্তত পুনৰ চিকিৎসাললৈ নি ভৰ্তি কৰায়। স্বাস্থ্য বিভাগ তথা প্ৰশাসনৰ এই আজৱ কাণ্ডৰ পাছতে টিংখাঙৰ অধিক সংখ্যই এতিয়া আতংকিত হৈ নিজ নিজ ঘৰতে ব্যৱস্থা কৰিছে হোম কোৱাৰেণ্টাইনৰ। বহুকেইটা অঞ্চল পৰ্যবেশিত হৈছে কণ্টেইনমেণ্ট জ'নলৈ ।

মৰাণৰ কোৱাৰেণ্টাইন কক্ষত আজব কাণ্ড

মন কৰিব লগীয়া যে,ক'ভিড-১৯ নিগেটিভ পোৱা বুলি অৱগত হৈ ঘৰত উপস্থিত হোৱা আটাইৰে খবৰ ল'বৰ বাবে তেওঁলোকৰ প্ৰতিঘৰলৈ আহিছিল বহুজন । এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা মুক্তি পোৱা পাঁচোজনৰে দেহত ক'ভিড-১৯ৰ অৱস্থিতি পোৱা বুলি জ্ঞাত হোৱাত আতংকিত হৈছে তেওঁলোকৰ সংস্পৰ্শলৈ অহা প্ৰতিজন ব্যক্তিৰ লগতে এইসকলৰ পৰিয়াল বৰ্গ । ফলত বহু পৰিয়াল এতিয়া হব লগীয়া হৈছে হোম কোৱাৰেণ্টাইন । এইসকলৰ মাজত দুগৰাকীকৈ গৰ্ভৱতী মহিলাওঁ আছে বুলি জানিব পৰা গৈছে । স্বাস্থ্য বিভাগ তথা সংশ্লিষ্ট কতৃপক্ষৰ চুড়ান্ত অৱহেলাৰ বাবেই এই ঘটনা সংঘটিত হবলৈ পালে বুলি অভিযোগ সকলোৰে । এই ঘটণাক লৈ টিংখাঙত এতিয়া সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ।

লগতে চাওকঃ অসমৰ জৈৱ-বৈচিত্ৰলৈ অহা ভাবুকিক অইল ইণ্ডিয়াই কেৰেপ নকৰেঃ ভাস্কো ডি শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.