টিংখাং,11 ফেব্ৰুৱাৰীঃ টিংখাঙৰ লেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৃহত্তৰ লেঙেৰী আৰু টিংখাঙবাসী ৰাইজৰ সহযোগত নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিলৰ দাবীত পালন জনতাৰ ৰুদ্ৰকণ্ঠ শীৰ্ষক কাৰ্যসূচী ৷ মঙলবাৰে টিংখাঙৰ লেঙেৰী জৰিগুৰীস্থিত ৰূপজ্যোতি সাংস্কৃতিক কেন্দ্ৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহ প্ৰাংগণত অনুষ্ঠিত হয় এই কাৰ্যসূচী । এই কাৰ্যসূচীত আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈৰ লগতে আছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক তথা বিভিন্ন দল-সংগঠনৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে ৷ জনসভাখনত আছুৰ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৰাইজৰ উপস্থিতি প্ৰত্যক্ষ কৰি অসমীয়া জাতিসত্তাৰ আত্মা গাঁৱত জীয়াই আছে বুলি উল্লেখ কৰে ৷
আনহাতে,টিংখাঙৰ অন্তৰ্গত বৃহত্তৰ লেঙেৰীবাসী ৰাইজে প্ৰায় ১০০ কুইণ্টল চাউল আছুলৈ উপহাৰ হিচাপে প্ৰদান কৰে ৷ অসমীয়া খিলঞ্জীয়া জাতি-জনগোষ্ঠীয় জন-গাঁথনিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনা বিতৰ্কিত আইনখন বাতিলৰ দাবীত চলি থকা আইনী যুঁজত আৰ্থিক সহযোগিতা হিচাপে এই উপহাৰ প্ৰদান কৰা হয় ৷