টিংখাং, ৯ মাৰ্চ: বিধানসভা নিৰ্বাচনত ১০০ খনৰো অধিক আসন লাভৰ লক্ষ্যৰে প্ৰস্তুতি চলাইছে বিজেপিয়ে । ভোটাৰক আকৃষ্ট কৰাৰ ন ন কৌশল অৱলম্বন কৰিছে দলটোৰ নেতা-কৰ্মীয়ে । এফালে সদৌ আদিবাসী ছাত্ৰ সন্থাৰ লগতে একাংশ চাহ শ্ৰমিকে মজুৰি বৃদ্ধিকে ধৰি বিভিন্ন দাবী পূৰণ নকৰাৰ বাবে বিজেপিৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে আৰু আনফালে ৰাজ্যৰ কেতবোৰ সমষ্টিত বিজেপিত যোগদান কৰিছে শ শ চাহ শ্ৰমিকে ।

সোমবাৰে ডিব্ৰুগড়ৰ টিংখাঙত পিঠাগুটি পঞ্চায়তৰ দিৰৈবামৰ চাহ বাগিছাৰ বহু শ্ৰমিক, আটাছুৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিক সমিতিৰ সদস্য আৰু কুঁৱৰী গাঁও পঞ্চায়তৰ বিভিন্ন দলৰ কৰ্মকৰ্তাই গেৰুৱা দলটোত যোগদান কৰে । টিংখাঙৰ বিধায়ক বিমল বৰাৰ বাসগৃহতে আয়োজিত যোগদান অনুষ্ঠানত বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰে এইসকল লোকে ।
উক্ত যোগদান অনুষ্ঠানটিত উপস্থিত থাকে টিংখাং মণ্ডল সভাপতি তিলেশ্বৰ চাংমাই, লেঙেৰী মণ্ডল সভাপতি প্ৰদ্যুত দত্ত, জিলা পৰিষদৰ সদস্যা গীতা সৰপাল, সংযোজক দুলাল বৰা আৰু দলীয় কাৰ্যকৰ্তাসকল উপস্থিত থাকে । কিছুমান সমষ্টিত চাহ জনগোষ্ঠীৰ লোকে বিজেপিৰ বিৰোধিতা কৰিলেও আন কিছুমানত দলটোৱে নিজৰ স্থিতি শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ।
লগতে পঢ়ক:চেনেহ বৃদ্ধাশ্ৰমৰ আবাসীক COVID-১৯ৰ প্ৰতিষেধক প্ৰদান