ETV Bharat / state

এগৰাকী নিৰ্বাচনী প্ৰাৰ্থীক লৈ হাজাৰ হাজাৰ মহিলাৰ বিজয় উল্লাস

author img

By

Published : Mar 19, 2021, 1:19 PM IST

মাইক্ৰ’ফাইনেঞ্চৰ কবলত পৰি দিশহাৰা হোৱা মহিলা সকলক বিজেপি চৰকাৰে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰাৰ বাবেই সচেতন মহিলা মঞ্চ নামৰ সংগঠনটোৱে এইবাৰ বিজেপি চৰকাৰক পোনপটীয়াকৈ সহায় কৰি আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰিছে ৷

AS_Tingkhong_bimal-bora-supportes-celecbration_vis_ASC10071
এগৰাকী নিৰ্বাচনী প্ৰাৰ্থীক লৈ হাজাৰ হাজাৰ মহিলাৰ বিজয় উল্লাস

টিংখাং, 19 মাৰ্চ: এগৰাকী প্ৰাৰ্থীক লৈ হাজাৰ হাজাৰ মহিলাৰ বিজয় উল্লাস । নাচি-বাগি, বিহু গাই আনন্দ স্ফুৰ্তি কৰিছে মহিলা সকলে । তেওঁলোকৰ মতে তেওঁলোকৰ পচন্দৰ প্ৰাৰ্থী গৰাকী নিৰ্বাচনত জয়ী হোৱাটো খাটাং । কাৰণ প্ৰাৰ্থী গৰাকীক জয়ী কৰোৱা দায়িত্ব লৈছে এইসকল মহিলাই । শুকুৰবাৰে পুৱাই টিংখাঙৰ বিভিন্ন প্ৰান্তৰ পৰা দলে বলে মহিলাসকল ওলাই আহি টিংখাঙৰ বিজেপি প্ৰাৰ্থী বিমল বৰাক সাক্ষাৎ কৰি তেওঁক আগন্তুক নিৰ্বাচনত জয়ী কৰোৱাৰ দায়িত্ব লোৱা বুলি আশ্বাস প্ৰদান কৰে।

দৰাচলতে, মাইক্ৰ’ফাইনেঞ্চৰ কবলত পৰি দিশহাৰা হোৱা এই সকল মহিলাক বিজেপি চৰকাৰখনে তেওঁলোকৰ সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰাৰ বাবেই সচেতন মহিলা মঞ্চ নামৰ সংগঠনটোৱে এইবাৰ বিজেপি চৰকাৰক পোনপটীয়াকৈ সহায় আগবঢ়োৱাৰ সংকল্প গ্ৰহণ কৰিছে ৷ বিজেপি চৰকাৰে তেওঁলোকৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব বুলি আশা পোষণ কৰিছে সংগঠনটোৰ কৰ্মী সকলে । সেয়ে বিজেপি প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত এনেদৰে আনন্দ স্ফুতি কৰিছে মহিলা সকলে ।

লগতে পঢ়ক-ধেণ্টাঘাটত বিজেপিৰ নিৰ্বাচনী ৰণডংকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.