ETV Bharat / state

শীঘ্ৰে আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে প্ৰৱল গণ আন্দোলনৰ হুংকাৰ

টিংখাঙৰ বিধায়ক বিমল বড়াই কা আন্দোলন মষিমূৰ কৰিবৰ বাবে টিংখাং আৰক্ষী প্ৰশাসনক হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সদৌ তাই আহোম ছাত্র সন্থা ( আটাছু ) ৰ টিংখাং আঞ্চলিক সমিতিয়ে।

author img

By

Published : Aug 13, 2020, 6:52 PM IST

tingkhong-atasu-press-meet
শীঘ্ৰে আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে প্ৰৱল গণ আন্দোলনৰ হুংকাৰ

টিংখাং, 13 আগষ্ট: "বৰ্তমানৰ বিজেপি চৰকাৰখনে আহোম সম্প্ৰদায়ৰ লোকসকলক প্ৰবঞ্চনা কৰি আহিছে । আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদানৰ টোপ দি বৰ্তমানৰ চৰকাৰখনে কেৱল ৰাজনৈতিক মুনাফা আদায় কৰি আহিছে।" এক সংবাদ মেল অনুষ্ঠিত কৰি এই অভিযোগ কৰি জনজাতিকৰণৰ দাবীত সৰৱ হৈ পৰে সদৌ তাই আহোম ছাত্র সন্থা ( আটাছু ) ৰ টিংখাং আঞ্চলিক সমিতি।

সংগঠনটোৱে বিজেপি চৰকাৰে অতি শীঘ্ৰে আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰিলে টিংখাঙত এক প্ৰৱল গণ আন্দোলনৰ সূচনা হ'ব বুলি হুংকাৰ প্ৰদান কৰে । সংগঠনটোৱে ১৩ , ১৪ আগষ্টৰ পৰা ২৯ আগষ্টলৈ সমগ্ৰ টিংখাং অঞ্চলৰ আহোম জ্ঞাতি সকলক একত্ৰিত কৰিবৰ কাৰণে " জ্ঞাতিৰ কাষলৈ যাওঁ আহক " শীৰ্ষক এক কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা ঘোষণা কৰে। সমষ্টিটোৰ আহোম জনগোষ্ঠীৰ একত্ৰিত কৰি আহোমসকলৰ প্ৰাপ্য ৰাজনৈতিক ভাৱে আজুৰি অনাৰ উদ্দেশ্যৰে এই যাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰাৰ উল্লেখ কৰে টিংখাং আঞ্চলিক তাই আহোম ছাত্র সন্থাই। সন্থাৰ বিষয়বৱীয়া অভিজিত গগৈয়ে আঁত ধৰা সংবাদমেলত টিংখাং সমষ্টিত আগন্তুক বিধান সভা নিৰ্বাচনৰ সময়ত বিজেপি চৰকাৰ তথা বিধায়ক বিমল বড়া টিংখাং আঞ্চলিক তাই আহোম ছাত্র সন্থাৰ দ্বাৰা তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি সকিয়াই দিয়ে।

সংবাদমেলত শাসনাধীন বিজেপি চৰকাৰ খনৰ হিন্দু বাংলাদেশীৰ প্ৰতি থকা দৰদৰ কথা উল্লেখ কৰি হিন্দু-বাংলাদেশীক লৈ কৰিব খুজা ভোট বেংকৰ ৰাজনীতিক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে । আনহাতে টিংখাঙৰ বিধায়ক বিমল বড়াই কা আন্দোলন মষিমূৰ কৰিবৰ বাবে টিংখাং আৰক্ষী প্ৰশাসনক হাতৰ পুতলাৰ দৰে ব্যৱহাৰ কৰি নিজৰ ৰাজনৈতিক ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে।
লগতে পঢ়ক : স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ব্ৰহ্মপুত্ৰৰ বুকুত আৰক্ষীৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.