টিংখাং,23 নৱেম্বৰ: টিংখাঙৰ ৰঙাবননী গাঁৱত নিশা নৃশংস হত্যাকাণ্ড । দেৱজিৎ গগৈ নামৰ এজন যুৱকক হত্যা । একে গাঁৱৰে অৰ্পণ বড়া নামৰ যুৱকজনে হত্যা কৰে দেৱজিৎ গগৈক । ঘটনা অনুসৰি় সমন্ধীয় বায়েকৰ ঘৰত নিশা কথা বাৰ্তাৰ মাজতে কথা কৰ্কাতৰ্কি হোৱাত অৰ্পণ বড়াই এটা কাঠৰ বাটামেৰে মৰিয়াই হত্যা কৰে দেৱজিৎ গগৈক ।
ইফালে হত্য়াকাণ্ড সংঘটিত কৰিয়েই পলাতক অৱস্থাত আছে হত্যাকৰী অৰ্পণ বড়া । ইতিমধ্যে টিংখাং আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মৃত দেৱজিৎ গগৈ পৰিয়ালে । বৰ্তমান মৰণোত্তৰ পৰীক্ষাৰ বাবে যুৱকজনৰ মৃতদেহ ডিব্ৰুগড়লৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ।
লগতে পঢ়ক:মহিলাৰ শ্লীনতা হানিৰ চেষ্টাঃ আৰক্ষী অধীক্ষকৰ ওচৰত গোচৰ ৰুজু মহিলা সমিতিৰ