ডিব্ৰুগড়,২৩ মাৰ্চ : পঞ্জাৱৰ খালিস্তান সমৰ্থকৰ বিৰুদ্ধে চলি থকা অভিযান সম্প্ৰতি দেশত চৰ্চিত বিষয় হৈ পৰিছে (Operation against Khalistan supporters)। ইফালে খালিস্তানৰ সমৰ্থক তথা ৱাৰিছ পঞ্জাৱ ডেৰ কেইবাগৰাকী নেতাক অসমলৈ অনাৰ লগে লগে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ডিব্ৰুগড় কাৰাগাৰো চৰ্চাত আছে । পঞ্জাৱৰ খালিস্তান সমৰ্থকসকলক কিয় হঠাৎ ডিব্ৰুগড়লৈ লৈ অনা হৈছে সেই কথা আজিও ৰহস্যৰ মাজত আছে যদিও খালিস্তানী নেতাসকলক নিৰাপত্তাত অলপো ত্ৰুটি ৰখা নাই ডিব্ৰুগড় আৰক্ষীয়ে (Khalistan supporters shifted to Dibrugarh Jail)।
এক প্ৰকাৰ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ৰাজ আতিথ্যত ডিব্ৰুগড় কাৰাগাৰত সময় পাৰ কৰিছে খালিস্তানী নেতাসকলে । সেইসকল খালিস্তানী নেতাৰ বাবে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বিশেষ চেল নিৰ্মাণ কৰা হৈছে (Special cell in Dibrugarh jail for Khalistani leader)। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ সন্মুখত সেনা আৰু কামাণ্ডো বাহিনীৰ পহৰাৰ ব্যৱস্থা কৰা হৈছে । কাৰাগাৰৰ চৌদিশে কটকটীয়া নিৰপত্তা গঢ়ি তোলা হৈছে ।
পূৰ্বৰ দৰে সাধাৰণ লোকে কাৰাগাৰলৈ অনুমতি অবিহনে প্ৰৱেশ কৰিব নোৱাৰে । আৰক্ষী মহা পৰিদৰ্শক প্ৰশান্ত কুমাৰ ভূঞা ডিব্ৰুগড়ত বাহৰ পাতি কাৰাগাৰৰ নিৰাপত্তাৰ দিশটো পৰ্যালোচনা কৰিছে (Tight security in Dibrugarh central jail)। এই খালিস্তানী নেতাসকলক লৈ ডিব্ৰুগড় প্ৰশাসন বা ৰাজ্য চৰকাৰে এতিয়ালৈ মুখ খোলা নাই ।
অৱশ্যে ডিব্ৰুগড় উপায়ুক্তই জানিবলৈ দিছে যে ৱাৰিছ পঞ্জাৱ ডেৰ মুৰব্বী অমৃতপাল সিঙৰ ঘনিষ্ঠ তথা সহযোগী ৭ গৰাকীক পঞ্জাৱ আৰক্ষীয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ডিব্ৰুগড়ৰ কেন্দ্ৰীয় কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ।
ৱাৰিছ পঞ্জাৱ ডেৰ শীৰ্ষ নেতা অমৃতপাল সিঙৰ খুড়াক তথা ব্যক্তিগত উপদেষ্টা বিত্তীয় সচিব হৰজিৎ সিং, বিচ্ছিনতাবাদী নেতা ভগৱন্ত সিং ওৰফে প্ৰধানমন্ত্ৰী, অমৃতপাল সিঙৰ বিত্ত সহায়ক দলজিৎ চালাচী, দেহৰক্ষী বসন্ত সিং ফৌজী, অন্যতম ঘনিষ্ঠ গুৰমিৎ সিং ভূষণবালা, কুলৱন্ত সিং ঢালিৱাল আৰু গুৰুন্দিৰ পাল সিং সম্প্ৰতি ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত ডিব্ৰুগড়ত বন্দী হৈ আছে ।
আনহাতে কাৰাগাৰৰ ১৩ নং চেলত পৃথকে পৃথকে ৰখা হৈছে খালিস্তানী নেতাসকলক । আৰক্ষীয়ে নিৰাপত্তা কটকটীয়া কৰাৰ লগতে তেওঁলোকক ৰাজ আতিথ্য প্ৰদান কৰাৰ বিষয়েও জানিব পৰা গৈছে (Royal hospitality for Khalistani leader)। ভি আই পি সদৃশ আতিথ্য প্ৰদানত কাৰাগাৰ কৰ্তৃপক্ষই কোনো কৃপণালি কৰা নাই । তেওঁলোকৰ সুখ নিদ্ৰাৰ বাবে গাদীযুক্ত চকী-বিছনা, মনোৰঞ্জনৰ বাবে টিভি, মন পছন্দৰ খাদ্য সম্ভাৰৰ ব্যৱস্থাও কৰা হৈছে বুলি জানিব পৰা গৈছে ।
লগতে কাৰাগাৰৰ ভিতৰত নিয়মীয়াকৈ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থাও কৰিছে আৰক্ষীয়ে । বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে আৰু বহু কেইজন খালিস্তানী নেতাক অনা হ'ব ডিব্ৰুগড়ৰ কাৰাগাৰলৈ । ইতিমধ্যে কাৰাগাৰ কৰ্তৃপক্ষই প্ৰস্তুতি চলাইছে বুলিও সূত্ৰই জনাইছে ।
লগতে পঢ়ক :Punjab police operation against Amritpal : মটৰ চাইকেলেৰে পলায়ন কৰিছিল অমৃতপালে