ETV Bharat / state

নাহৰকটীয়াত বাঘৰ সন্ত্ৰাসত আতংকিত ৰাইজ

নাহৰকটীয়াবাসীৰ বাবে এতিয়া ভয় আৰু শংকাৰ কাৰণ হৈ পৰিছে নাহৰফুটুকী বাঘ ৷ জানিব পৰা মতে, বহু দিন ধৰি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই নাহৰফুটুকী বাঘটোৱে বহু লোকৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ অতিশীঘ্ৰে মুক্ত বিচৰণ কৰি ফুৰা নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰি স্থানীয় ৰাইজৰ লগতে পথচাৰীক সকাহ দিবলৈ বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷

tiger-terror-at-naharkatia
নাহৰকটীয়াত বাঘৰ ত্ৰাস
author img

By

Published : Jan 4, 2021, 1:17 PM IST

নাহৰকটীয়া,4 জানুৱাৰীঃ নাহৰকটীয়াবাসীৰ বাবে এতিয়া ভয় আৰু শংকাৰ কাৰণ হৈ পৰিছে নাহৰফুটুকী বাঘ ৷ জানিব পৰা মতে, বহু দিন ধৰি দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা খাদ্যৰ সন্ধানত ওলাই নাহৰফুটুকী বাঘটোৱে বহু লোকৰ পোহনীয়া জীৱ-জন্তু ভক্ষণ কৰি একপ্ৰকাৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ ইপিনে বন বিভাগে পূৰ্বতেও নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰিছিল যদিও দিহিং-পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ মুকলি কৰি দিয়াৰ পিছত পুনৰ একে স্থানলৈ ঘূৰি আহে বাঘটো ৷

উল্লেখযোগ্য যে, দেওবাৰে নিশাও নাহৰকটীয়াৰ এগৰাকী সাংবাদিক ঘৰলৈ উভতি অহাৰ সময়ত সন্মুখীন হয় প্ৰকাণ্ড নাহৰফুটুকী বাঘটোৰ ৷ ইয়াৰ পিছতেই সাংবাদিকগৰাকীয়ে সমগ্ৰ দৃশ্য বন্দী কৰি লয় নিজৰ মোবাইলৰ কেমেৰাত ৷ আনহাতে, অতিশীঘ্ৰে মুক্ত বিচৰণ কৰি ফুৰা নাহৰফুটুকী বাঘটোক পিঞ্জৰাবদ্ধ কৰি স্থানীয় ৰাইজৰ লগতে পথচাৰীক সকাহ দিবলৈ বন বিভাগক দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ 2022 চনত প্ৰকাশ পাব উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন বহুভাষিক অভিধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.