ETV Bharat / state

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰক প্ৰাণে মৰাৰ ভাবুকি ! - Dibrugarh G.S

বুধবাৰে নিশা এক অচিনাকি নম্বৰৰ পৰা অহা ফোনকল যোগে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকক প্ৰাণে মৰাৰ ভাবুকি প্ৰদান ৷ বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দ্বায়িত্বত থকা ৰাহুল ছেত্ৰীয়ে ইতিমধ্যে এই সন্দৰ্ভত গোচৰ ৰুজু কৰিছে ৷

threatning-to-dibrugarh-gs
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী
author img

By

Published : May 7, 2020, 2:21 PM IST

ডিব্ৰুগড়,7 মে' ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকক প্ৰাণে মৰাৰ ভাবুকি। মাজনিশা বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ দ্বায়িত্বত থকা ৰাহুল ছেত্ৰীক এক অচিনাকি নম্বৰৰ পৰা অহা ফোন কল যোগে প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে ৷

ৰাহুলে জনোৱা মতে ফোনকলত ধমকি দিয়াৰ লগতে ৰাহুলৰ পিতৃ-মাতৃক উদ্দেশ্যি অশ্ৰাব্য গালি গালাজ কৰে অচিনাক্ত ব্যক্তিগৰাকীয়ে ৷ উল্লেখ্য যে ,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিজ্ঞান বিভাগত অধ্যয়নৰত ছাত্ৰ তথা বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদকৰ পদত থকা ৰাহুল ছেত্ৰীয়ে বৰ্তমান লক্ ডাউনৰ সময়ত তিনিচুকীয়াৰ লেখাপানীত থকা নিজ গৃহত আছে । য'ত বুধবাৰে নিশা প্ৰায় 12 বজাত 87.....86 নম্বৰৰ পৰা ফোন কলটো আহিছিল ৰাহুললৈ।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ৰাহুল চেত্ৰী

উল্লেখ্য যে, শেহতীয়াকৈ ৰাহুলে কা আন্দোলনৰ সময়ত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজক সন্মুখৰ পৰা নেতৃত্ব দি প্ৰায় প্ৰতিটো কাৰ্যসূচীত তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছিল । যাৰ পৰিপ্ৰেক্ষিত বিগত মাৰ্চ মাহত নিয়াই চমন যোগে মাতি নিছিল ৰাহুলক ৷ ইফালে 2019ৰ ডিচেম্বৰত অসম আৰক্ষীৰ দ্বাৰা ডিব্ৰুগড় সদৰ থানাত আটক হৈছিল ছাত্ৰ নেতা গৰাকী।

Threatning to Dibrugarh G.S
আৰক্ষী ওচৰত গোচৰ ৰুজু ৰাহুলৰ
ইফালে এই ফোনকলৰ পাছত ৰাহুলে আৰক্ষী ওচৰত গোচৰ ৰুজু কৰাৰ লগতে ৰাহুলৰ হৈ অসমৰ বিভিন্ন প্ৰান্তত বহু শিক্ষাৰ্থী পৃথকে পৃথকে গোচৰ দিবলৈ সাজু হৈছে বুজি জানিবলৈ দিছে ৰাহুলে । লগতে মানৱ অধিকাৰৰ হৈ কাম কৰা সংগঠন, বিভিন্ন অনুষ্ঠানেও ৰাহুলৰ খবৰ লৈ ব্যৱস্থা গ্ৰহণৰ বাবে সাজু হৈছে বুলি জানিবলৈ দিছে।

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.