ETV Bharat / state

ডিব্ৰুগড়ত সহস্ৰাধিক লোকৰ যোগদান অসম জাতীয় পৰিষদত

author img

By

Published : Oct 5, 2020, 9:52 PM IST

প্ৰতিকূল বতৰকো নেওচি সভালৈ ওলাই আহে অগণন ৰাইজ ৷ শাসকীয় বিজেপিৰ বহু জ্যেষ্ঠ নেতা,কৰ্মীৰ লগতে কংগ্ৰেছ,অগপৰ বহু নেতা আৰু সহস্ৰাধিক যুৱপ্ৰজন্মই যোগদান কৰে অসম জাতীয় পৰিষদত ৷ ইপিনে অনুষ্ঠানত সভাপতিত্ব কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ তথা একালৰ সতীৰ্থ অধ্যাপক বীৰেন বৰুৱাই ৷

Thousands of people in Dibrugarh join AJP
ডিব্ৰুগড়ত সহস্ৰাধিক লোকৰ যোগদান অসম জাতীয় পৰিষদত

ডিব্ৰুগড়, 5 অক্টোবৰঃ বিজেপিৰ ভেঁটি কঁপাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ চহৰ ডিব্ৰুগড়ত অসম জাতীয় পৰিষদৰ ৰণডংকা ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা গঠিত অসম জাতীয় পৰিষদে সোমবাৰে অনুষ্ঠিত কৰে ডিব্ৰুগড় জিলা আহ্বায়ক সমিতি গঠন আৰু যোগদান কাৰ্যসূচী ৷ প্ৰতিকূল বতৰকো নেওচি সভালৈ ওলাই আহে অগণন ৰাইজ ৷ শাসকীয় বিজেপিৰ বহু জ্যেষ্ঠ নেতা,কৰ্মীৰ লগতে কংগ্ৰেছ,অগপৰ বহু নেতা আৰু সহস্ৰাধিক যুৱপ্ৰজন্মই যোগদান কৰে অসম জাতীয় পৰিষদত ৷ ইপিনে অনুষ্ঠানত সভাপতিত্ব কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঘনিষ্ঠ তথা একালৰ সতীৰ্থ অধ্যাপক বীৰেন বৰুৱাই ৷

সভাত উপস্থিত থাকি দলৰ সমন্বয়ক জগদীশ ভূঞাই ভ্ৰান্ত ধাৰণা, মিছা কথাৰে,ভুৱা প্ৰতিশ্ৰুতিৰে ৰাজনীতি কৰাৰ ফল বিজেপিয়ে পাব বুলি কৈ প্ৰতিটো সমস্যাৰ বিজ্ঞান সন্মত সমাধানৰ বাবে অসমবাসীৰ বাবে দলটোৱে মাত মাতি যাব বুলি মন্তব্য কৰে ৷ তদুপৰি বিশিষ্ট লেখক,সাংবাদিক অদীপ কুমাৰ ফুকনে ডিব্ৰুগড়ৰ 7 টা বিধানসভা সমষ্টি দখলেই মূল লক্ষ্য হ'ব বুলি কৈ 100 খন আসন নাপালেও ৯৯ খন আসন লাভ কৰিব বুলি কয় ৷

আনহাতে, আহ্বায়ক চিত্তৰঞ্জন বসুমতাৰীয়েও মুখ্যমন্ত্ৰীৰ গৃহ চহৰৰ পৰা অসম জাতীয় পৰিষদৰ জয়যাত্ৰা ইতিমধ্যে আৰম্ভ হৈছে বুলি কোৱাৰ লগতে অগণন লোকে অসম জাতীয় পৰিষদত যোগদান কৰি বিজেপি দল শেষ হোৱাৰ ইংগিত দিয়ে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়কঃকাৰ্যকাল বৃদ্ধি হ'ব মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণৰ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.