ETV Bharat / state

লক ডাউন শিথিল হ’লেও ৰাইজক সজাগ হোৱাৰ আহ্বান

author img

By

Published : Jul 22, 2021, 9:45 AM IST

পূৰ্বতকৈ উন্নত হৈছে ৰাজ্যৰ ক’ভিড পৰিস্থিতি ৷ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কিছু পৰিমানে আংশিক লকডাউনৰ ক্ষেত্ৰত জিলা অনুসৰি শিথিলতা আনিছে চৰকাৰ তথা প্ৰশাসনে ৷ কিন্তু, এই সময়তো ৰাজ্যবাসীক চৰকাৰৰ ক’ভিড আইন মানি চলিবলৈ আহ্বান জনাইছে বিভিন্ন দল-সংগঠনে ৷

though-there-is-an-ease-on-mini-lockdown-ethnic-organistions-requests-people-to-follow-covid-sop
আংশিক লকডআউন শিথিল হ’লেও ৰাইজক সজাগ হৈ থাকিবলৈ আহ্বান দল সংগঠনৰ

মৰাণ, 22 জুলাই : ক্ৰমাৎ, ৰাজ্যৰ ক’ভিড পৰিস্থিতি পূৰ্বতকৈ কিছু পৰিমাণে ভাললৈ আহিবলৈ ধৰিছে ৷ ৰাজ্যৰ কেইখনমান জিলাৰ বাহিৰে বহু কেইখন জিলাত বলবৎ হৈ থকা আংশিক লকডাউনৰ ক্ষেত্ৰত চৰকাৰে কিছু শিথিলতা জাৰি কৰিছে ৷ এই ক্ষেত্ৰত ডিব্ৰুগড় জিলাত দিনৰ ২ বজাৰ পৰিৱৰ্তে আবেলি ৪ বজাৰ লগে লগে দোকান পোহাৰ বন্ধ কৰাৰ সমান্তৰালভাৱে আবেলি ৫ বজাৰ পৰা পুৱা ৫ বজালৈ আংশিক লকডাউনৰ সময়সীমা ধাৰ্য কৰা হৈছে ৷

স্বাভাৱিকতেই এই সিদ্ধান্তৰ বাবে সমগ্ৰ ডিব্ৰুগড় জিলাৰ ক্ষুদ্ৰ ব্যৱসায়ী, ক্ষুদ্ৰ উদ্যোগী সকলৰ লগতে বিশেষকৈ দিন হাজিৰা কৰা লোক সকলে কিছু পৰিমাণে সকাহ লাভ কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে, ক’ভিডৰ সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস হ’লেও জিলাখনত ইয়াৰ অৱস্থিতি এতিয়াও সম্পূৰ্ণ ৰূপে নিৰ্মূল হোৱা নাই ৷ এই পৰিপ্ৰেক্ষিতত সকলো ৰাইজে যাতে চৰকাৰে জাৰি কৰা নতুন ক’ভিড আইন(covid sop)মানি চলি সামাজিক দূৰত্ব(social distance) বজাই ৰখাৰ লগতে সকলোৱে যাতে মাস্ক পৰিধান কৰে তাৰ বাবে ৰাইজলৈ আহ্বান জনাইছে দল সংগঠনে ৷

আহোম গণ মঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক অকন ভূঞা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ(AJYCP)ৰ টেঙাখাট আঞ্চলিক সমিতিৰ সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰেও জনালে এই আহ্বান। ডিব্ৰুগড়ত চৰকাৰে ক'ভিড নীতি নিয়মত কিছু শিথিলতা আনিলেও কিন্তু জিলাখনৰ কিছু কিছু ঠাইত আজিও ক'ভিড আক্ৰান্ত লোক চিনাক্ত হৈ আছে । তেনে স্থলত ৰাইজে ক'ভিড নীতি নিয়ম পালন নকৰিলে যে পুনৰ ক'ভিড পৰিস্থিতি জটিল হৈ পৰিব সেই কথা সহজেই অনুমেয় বুলি মন্তব্য কৰিছে সচেতন মহলে ৷

লগতে পঢ়ক : পুনৰ দিল্লীত উৎপীড়নৰ বলি উত্তৰ-পূৱৰ যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.