ডিব্ৰুগড়, 6 ছেপ্টেম্বৰ: ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এইবাৰ ডিব্ৰুগড়ত সংঘটিত হ'ল এ টি এম চুৰিৰ ঘটনা (ATM theft in Dibrugarh)। সোমবাৰে নিশা ডিব্ৰুগড়ৰ বৰবৰুৱাত তিনিটা এ টি এমত সংঘটিত হয় চুৰিকাণ্ড । বৰবৰুৱা আৰক্ষী থানাৰ(Borbaruah Police Station) নিচেই কাষতে থকা তিনিটা এ টি এমত দুৰ্বৃত্তই নিশাৰ ভিতৰত দুটা এ টি এম মেচিনত প্ৰথমে টকা লুটি অগ্নি সংযোগ কৰি সেই ঠাইৰ পৰা পলায়ন কৰে (ATM set on fire in Dibrugarh)।
আন এটা এ টি এম দুৰ্বৃত্তৰ দলটোৱে ভাঙিবলৈ চেষ্টা কৰিছিল যদিও ভাঙিবলৈ সফল নহ'ল ৷ এ টি এমটোৰ নিৰ্মাণৰ কাম চলি থকাৰ বাবে ব্যৱহাৰ হোৱা নাছিল । দুৰ্বৃত্তই চুৰিকাণ্ড সংঘটিত কৰা দুয়োটা এ টি এমৰ ভিতৰত এটা ভাৰতীয় ষ্টেট বেংক আৰু আন এটা পাঞ্জাৱ নেশ্যনেল বেংকৰ । ভাৰতীয় ষ্টেট বেংকৰ চুৰি হোৱা টকাৰ পৰিমাণ প্ৰায় ৩০ লাখ ৮১ হাজাৰ টকা আৰু পাঞ্জাৱ নেশ্যনেল বেংকৰ টকাৰ পৰিমাণ ১৪ লাখ ৮০ হাজাৰ টকা (Thief looted money from ATM in Dibrugarh)।
উল্লেখ্য যে বৰবৰুৱা আৰক্ষী থানাৰ নিচেই কাষতে সংঘটিত হয় এ টি এম চুৰিৰ ঘটনা ৷ ওচৰতে আৰক্ষী থানা থকাৰ পাছতো কোনো ভয়ভাৱ নোহোৱাকৈ চোৰৰ দলে লুটি নিলে প্ৰায় ৪৬ লাখকৈ টকা । লক্ষ্যণীয় যে আৰক্ষীয়ে জানিব দিয়া মতে সমগ্ৰ অঞ্চলটোৰ ভিতৰত প্ৰথমবাৰলৈ এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৷
এই ঘটনাৰ তদন্ত অব্যাহত আছে বুলিও জানিবলৈ দিয়ে ডিব্ৰুগড়ৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিতুল চেতিয়াই । টকা চুৰি কৰি এ টি এমত অগ্নি সংযোগ কৰা চোৰৰ দলটোৰ মাষ্টাৰ মাইণ্ডক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হ’বনে নহয় সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব ।