ETV Bharat / state

Cyber Attack in Oil India Limited : স্তব্ধ হৈ পৰিছে অইল ইণ্ডিয়া লিমিটেডৰ কাম-কাজ

author img

By

Published : Apr 14, 2022, 8:40 AM IST

হেকাৰৰ কবলত পৰিছে দুলীয়াজানৰ অইল ইণ্ডিয়া লিমিটেড (Oil India Limited server hacked) ৷ বৰ্তমানলৈকে স্তব্ধ হৈ পৰিছে অইল ইণ্ডিয়াৰ সমগ্ৰ কাম-কাজ ৷

Oil Cyber Attack
হেকাৰৰ কবলত অইল ইণ্ডিয়া লিমিটেড

মৰাণ, 14 এপ্ৰিল : এইবাৰ হেকাৰৰ কবলত পৰিছে দুলীয়াজানস্থিত অইল ইণ্ডিয়া লিমিটেডৰ কাৰ্যালয় ৷ তথ্য অনুসৰি, দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ ইণ্টাৰনেট ছাৰ্ভাৰ পৰিছে হেকাৰৰ কবলত (Oil India Limited server hacked) ৷

Oil Cyber Attack
হেকাৰৰ কবলত অইল ইণ্ডিয়া লিমিটেড

অইল ইণ্ডিয়া কৰ্তৃপক্ষই জানিবলৈ দিয়া অনুসৰি হেকাৰৰ আক্ৰমণৰ ফলত অইলৰ সমগ্ৰ কম্পিউটাৰ চিষ্টেম আৰু আই টি পদ্ধতি সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে । অতৰ্কিতে হোৱা এই চাইবাৰ আক্ৰমণৰ ফলত অইলৰ জনসম্পৰ্কৰক্ষী বিভাগ, কৰ্প’ৰেট যোগাযোগ আৰু দুলীয়াজান অইলৰ সকলো কাম-কাজ স্তব্ধ হৈ পৰিছে ।

ইফালে হেকাৰৰ এই কাণ্ডত কোম্পানীৰ বহু গুৰুত্বপূৰ্ণ তথ্যও হৰলুকী হোৱাৰ আশংকা কৰিছে বিভাগীয় কৰ্তৃপক্ষই । অইল ইণ্ডিয়া লিমিটেডে ইণ্টাৰনেট ছাৰ্ভাৰ হেকাৰৰ কবলৰ পৰা উদ্ধাৰৰ বাবে আৰু কিছু সময়ৰ প্ৰয়োজন হ’ব বুলি অনুমান প্ৰকাশ কৰিছে ৷

হেকাৰৰ কবলত অইল ইণ্ডিয়া লিমিটেড

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, হেকাৰে অইলৰ ছাৰ্ভাৰ হেক কৰি বুজন পৰিমাণৰ ধন উদ্যোগ প্ৰতিষ্ঠানটোক দাবী কৰা বুলিও ভিতৰ চ’ৰাত চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক : GMC elections 2022 : গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে কেইবা তৰপীয়া নিৰাপত্তা ব্যৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.