ETV Bharat / state

ভোগালীৰ প্ৰাকক্ষণত টিংখাঙত মাছ ধৰাৰ আনন্দ

author img

By

Published : Jan 11, 2021, 10:20 AM IST

টিংখাঙত ভোগালীৰ পূৰ্বে মাছ ধৰাৰ আনন্দ ৷ মাছ ধৰা পৰ্বত উপস্থিত থাকে বিধায়ক বিমল বৰা ৷ বিধায়কগৰাকীয়ে দিহিংচাং বহুমুখী প্ৰকল্প টিংখাংঙৰ জৰিয়তে জলাশয়ত আৰম্ভ কৰিছে মৎস্য পালন ৷

The joy of fishing in Tingkhang during Bhogali's pre-season
ভোগালীৰ প্ৰাকক্ষণত টিংখাঙত মাছ ধৰাৰ আনন্দ

টিংখাং,11 জানুৱাৰী: ভোগালীক আদৰাৰ বাবে সাজু হৈছে ৰাজ্যবাসী ৷ ভোগালীৰ পূৰ্বে টিংখাঙত পৰিলক্ষিত হ'ল মাছ ধৰাৰ এক আনন্দ । শীতৰ প্ৰকোপক নেওচি মৎস্য চিকাৰত নামিল টিংখাংবাসী ৰাইজ । মাছ ধৰাৰ এই আনন্দত ভাগ ললে টিংখাঙৰ বিধায়ক বিমল বৰাই । ৰৌ, গ্ৰাচ কাপ, কমল কাপ আদি বিভিন্ন প্ৰজাতিৰ ভিন্ন আকাৰৰ মাছে ধৰা দিলে মাছুৱৈৰ জালত ৷ আনহাতে, সতেজ মাছ কিনিবলৈ লাগিল গ্ৰাহকৰ ভিৰ ।

উল্লেখযোগ্য যে, প্ৰাকৃতিক সম্ভাৱনাক সম্পদলৈ ৰূপান্তৰৰ এক ইতিবাচক প্ৰদক্ষেপ টিংখাঙৰ বিধায়ক বিমল বৰা । বিধায়কগৰাকীৰ নিজা উদ্যোগত গ্ৰহণ কৰা এক অভিলাসী আঁচনি 'দিহিংচাং বহুমুখী প্ৰকল্প টিংখাঙৰ অধিনত পানীবিল, কল্যাণপুৰ খেৰণিবিল, ধমনকে ধৰি সমষ্টিটোৰ মুঠ সাতটা স্থানত পুৰণি অব্যৱহৃত জলাশয়সমূহত মীন বিভাগৰ সহযোগত মৎস্য পালন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হৈছে । যাৰ জৰিয়তে বৰ্তমানলৈকে অঞ্চলটোৰ প্ৰায় তিনি শতাধিক নিৱনুৱাৰ বাবে মীন পালনৰ যোগেদি সংস্থাপনৰ বাট মুকলি হৈছে । ভৱিষ্যতে এই প্ৰকল্পৰ যোগেদি সহস্ৰাধিক নিবনুৱা যুৱক-যুৱতী স্বাৱলম্বী হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰে বিধায়কগৰাকীয়ে ৷

অন্য এক খবৰৰ বাবে: কাৰাগাৰৰ বন্ধ কুঠৰীৰ পৰা কয়দীৰ কৰ্ম-সংস্কৃতিৰ নিদৰ্শন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.