ETV Bharat / state

যুদ্ধ সদৃশ পৰিৱেশৰ পৰিল যৱনিকাঃএনকাউণ্টাৰত নিহত হত্যাকাৰী সঞ্জয় দাস - Dibrugarh

পুত্ৰক কিয় হত্যা কৰা হ'ল বুলি আৰক্ষীয়ে প্ৰশ্ন কৰাৰ লগে লগে হুকহুকাই কান্দোনত ভাঙি পৰিছিল ডিব্ৰুগড়ত পত্নী,পুত্ৰ আৰু সম্বন্ধীয় ককায়েকক হত্যা কৰি তাণ্ডৱ চলোৱা হত্যাকাৰী তথা প্ৰাক্তন SSB জোৱান সঞ্জয় দাস ৷

The Encounter Story of Dibrugarh
যুদ্ধ সদৃশ পৰিৱেশৰ পৰিল যৱনিকাঃএনকাউণ্টাৰত নিহত হত্যাকাৰী সঞ্জয় দাস
author img

By

Published : May 19, 2020, 5:05 PM IST

ডিব্ৰুগড়,19মে': অৱশেষত সোমবাৰে মাজনিশা ডিব্ৰুগড় আৰক্ষীৰ এনকাউন্টাৰত নিহত হ'ল হত্যাকাৰী তথা প্ৰাক্তন SSB জোৱান সঞ্জয় দাস ৷এক যুদ্ধ সদৃশ পৰিস্থিতিত ডিব্ৰুগড় আৰক্ষীৰ গুলীত নিহত হয় হত্যাকাৰী সঞ্জয় দাস ৷ঘটনাৰ বিৱৰণ অনুসৰি,ডিব্ৰুগড় জিলাৰ শুকান পুখুৰীৰ সঞ্জয় দাসে সোমবাৰে পুৱা নিজ গৃহৰ ভিতৰতেই পত্নী স্বপ্না দাস, পুত্ৰ নৱজ্যোতি দাস আৰু কিছু দূৰ নিলগত থকা ঘণকান্ত হাজৰিকা নামৰ সম্বন্ধীয় এজন ককায়েকক গুলীয়াই হত্যা কৰি এটা পৰিত্যক্ত বাসগৃহত আত্মগোপন কৰিছিল ৷

ইয়াৰ পাচতে ডিব্ৰুগড় জিলাৰ এক বৃহৎ অঞ্চল আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে যুটীয়াভাৱে ঘেৰাও কৰি সঞ্জয় দাসৰ বিৰুদ্ধে সাম্ভাব্য সকলো স্থানতে অভিযান অব্যাহত ৰাখিছিল।অৱশেষত পৰিত্যক্ত এটা বাসগৃহৰ পৰা এটা গুলী ফুটাৰ শব্দ শুনি সজাগ হয় আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী আৰু সেই ঠাইতে সঞ্জয় থকাৰ বিষয়ে তথ্য লাভ কৰি বাসগৃহটো ঘেৰাও কৰে ৷ইপিনে ,আৰক্ষী আৰু স্থানীয় লোকৰ মতে, প্ৰথমে সঞ্জয়ে প্ৰায় 50 মিটাৰ নিলগৰ গৃহটোৰ পৰা গুলী কৰিছিল আৰক্ষীলৈ,তাৰ পাছত আৰক্ষীয়ে কথোপকথনৰ যোগেদি সঞ্জয়ক আত্মসমৰ্পণৰ বাবে বহুবাৰ অনুৰোধ জনাইছিল ৷কিন্তু সঞ্জয় দাসৰ পৰা লাভ কৰা নাছিল কোনো ধৰণৰ সঁহাৰি ইয়াৰ বিপৰীতে আৰক্ষীলৈ লক্ষ্য কৰি উদ্যত পিষ্টলেৰে গুলীয়াবলৈহে আৰম্ভ কৰিছিল সঞ্জয়ে।ইপিনে গুলীয়াগুলীৰ মাজতো আৰক্ষীয়ে সঞ্জয়ক পুনৰ অনুৰোধ জনাইছিল আত্মসমৰ্পন কৰিবলৈ৷ ইয়াৰ লগতে পত্নী,পুত্ৰ আৰু সম্বন্ধীয় ককায়েকক হত্যা কৰাৰ কাৰণো সুধিছিল আৰক্ষীয়ে , তাৰ মাজতে পুত্ৰক কিয় হত্যা কৰা হ'ল বুলি আৰক্ষীয়ে প্ৰশ্ন কৰাৰ লগে লগে হুকহুকাই কান্দোনত ভাঙি পৰিছিল সঞ্জয় ৷

এনকাউণ্টাৰত নিহত হত্যাকাৰী সঞ্জয় দাস

প্ৰায় 3.30ঘণ্টা জোৰা শ্বাসৰুদ্ধকৰ এক যুদ্ধ সদৃশ পৰিৱেশৰ পাছত অৱশেষত আৰক্ষীৰ গুলীত নিহত হয় সঞ্জয় দাস ৷স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, আৰক্ষীয়ে গুলীচালনা কৰাৰ লগতে তিনিটা কৈ গ্ৰেণেডো নিক্ষেপ কৰিছিল। এই সময়চোৱাত গুলীয়াগুলীৰ শব্দত সমগ্ৰ অঞ্চলবাসী শংকিত আৰু আতংকিতও হৈ পৰাৰ কথাও সাংবাদিকক জনায় স্থানীয় লোকে ৷

The Encounter Story of Dibrugarh
এনকাউণ্টাৰত নিহত হত্যাকাৰী সঞ্জয় দাস

আনহাতে,হত্যাকাৰী সঞ্জয় দাসৰ মৃত্যুত তথা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সফল যুটীয়া অভিযানত এতিয়া আতংকিত হৈ পৰা স্থানীয় ৰাইজৰ লগতে সমগ্ৰ ডিব্ৰুগড়বাসীয়ে স্বস্তিৰ নিশ্বাস পেলাইছে ৷ অৱশ্যে বৰ্তমানেও পত্নী,পুত্ৰ আৰু সম্বন্ধীয় ককায়েকক হত্যা কৰাৰ কাৰণ সম্পূৰ্ণৰূপে পোহৰলৈ অহা নাই ৷

লগতে পঢ়কঃকেইবাটাও গুৰুত্বপূৰ্ণ অৰ্থনৈতিক ঘোষণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.