ETV Bharat / state

ডিব্ৰুগড়ত বেদখলকৃত চৰকাৰী জলাশয়ত ভূ-মাফিয়াই চলাইছে ব্যৱসায় - Land mafia

ডিকমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা চেঁচা নদীৰ জলাশয় দখল কৰি ভূ-মাফিয়াৰ দপদপনি ৷ জলাশয়সমূহ দখল কৰি বহিৰাগত অচিনাক্ত ব্যক্তিক থাকিবলৈ ভাৰাঘৰ নিৰ্মাণ কৰাই নহয় ক্ষুদ্ৰ উদ্যোগ গঢ়ি তুলিছে ৷ ইয়াৰ পাচতে সৰৱ হৈ পৰিছে স্থানীয় দল-সংগঠন ৷

Terror of Land mafia in Dibrugarh
ডিব্ৰুগড়ত চৰকাৰী জলাশয় দখল কৰি ভূ-মাফিয়াই চলাইছে ব্যৱসায়
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2023, 5:43 PM IST

ডিব্ৰুগড়ত চৰকাৰী জলাশয় দখল কৰি ভূ-মাফিয়াই চলাইছে ব্যৱসায়

মৰাণ, 10 ডিচেম্বৰ : ৰাজ্যজুৰি মাটিৰ দালালৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ । ৰাজ্যত চলি থকা অবৈধ মাটি দখলৰ লগতে মাটিৰ নামত দালালি কৰা সকলক ৰঙাঘৰৰ আলহী কৰাৰ বাবে আৰক্ষীয়ে তালিকা প্ৰস্তুত কৰি বহুতকে আটকো কৰিছিল । তেনে সময়তে ডিব্ৰুগড়ত চৰকাৰী জলাশয় বেদখল কৰি ভূ-মাফিয়াই চলাইছে ব্যৱসায় ।

চাহ নগৰী হিচাপে খ্যাত ডিব্ৰুগড়ত এফালে ব্ৰহ্মপুত্ৰ নদীৰ খহনীয়াৰ তাণ্ডৱ, আনফালে বহিৰাগত অসাধু ব্যৱসায়ীয়ে চৰকাৰী মাটি দখল কৰি থলুৱাক কৰিছে ভগনীয়া । ঘটনা অনুসৰি, আব্দুল আলী নামৰ ব্যক্তিজনে ডিকমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গাতে লাগি থকা চেঁচা নদীৰ জলাশয় দখল কৰি চলাইছে ভাৰাঘৰৰ লগতে ক্ষুদ্ৰ উদ্যোগ ।

আনকি আব্দুল আলী নামৰ লোকজনে জলাশয়সমূহ দখল কৰি বহিৰাগত অচিনাক্ত ব্যক্তিক থাকিবলৈ ভাৰাঘৰৰো ব্যৱস্থা কৰি দিছে বুলি আছুকে ধৰি বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰিছে ।

স্থানীয় দল-সংগঠনৰ প্ৰতিনিধিয়ে কয়, "আমি প্ৰথমে কোনো দুখীয়া লোকে কিবা এটা জীৱিকাৰ পথ উলিয়াইছে বুলি ভাবিছিলো ৷ কিন্তু দিনক দিনে এই ব্যৱসায় ডাঙৰ হৈ গ’ল ৷ কাৰ আশীৰ্বাদত এই ব্যৱসায় আৰম্ভ কৰিছে আমাক তাৰ উত্তৰ লাগে ৷"

ইফালে, ডিকমৰ স্থানীয় ৰাইজে জনোৱা অনুসৰি অবৈধ ভাৱে নিৰ্মাণ কৰা এই ভাৰাঘৰসমূহত দৈনিক অনৈতিক কাৰ্যকলাপ সংঘটিত হৈ থাকে। দেওবাৰে ডিকমৰ স্থানীয় দল-সংগঠনৰ বৃহৎ এটা সঁজাতী দলে এই স্থান পৰিদৰ্শন কৰি ডিকম আৰক্ষী চকীত বেদখলকাৰী আব্দুল আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে ।

অতি শীঘ্ৰে ডিকমৰ চৰকাৰী ভূমিসমূহ অবৈধ বেদখলকাৰীৰ পৰা মুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী, জিলা প্ৰশাসনক উচ্ছেদ অভিযান চলাবলৈ দাবী জনাইছে । অন্যথা ডিকমত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰিছে সঁজাতী দলটোৱে ।

লগতে পঢ়ক: ভেটাপাৰাত নিশা গাত কেৰাচিন ঢালি আত্মহত্যা এজনৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.