মৰাণ, 16 অক্টোবৰ : শুকুৰবাৰে বিয়লি মৰাণত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । এই দূৰ্ঘটনাটোত থিতাতে নিহত হয় এজন চাইকেল আৰোহী । উল্লেখ্য যে,ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত এছ বি আই মৰাণহাট বজাৰ শাখাৰ সন্মুখত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত এ এছ ০৪ বি চি-২৩৮৫ নম্বৰৰ শিলগুটি কঢ়িওৱা ডাম্পাৰখনৰ সৈতে হোৱা সংঘৰ্ষত নিহত হয় লোকজন ৷ এই দুৰ্ঘটনাটোত মৰাণ খটখটী আমগুৰি নিবাসী নোমল দাসৰ গাৰ ওপৰেৰে ডাম্পাৰখন পাৰ হৈ যোৱাত থিতাতে নিহত হয় চাইকেল আৰোহী জন ।
ডাম্পাৰৰ ভুলতেই এই দুৰ্ঘটনাতো সংঘটিত হোৱা বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে,দুৰ্ঘটনাতো সংঘটিত কৰি ডাম্পাৰখনৰ চালক বিকি আলি পলায়ন কৰে যদিও ডাম্পাৰখনৰ হেণ্ডিমেন ইব্ৰাকুল আলিক স্থানীয় লোকে আটক কৰি আৰক্ষীক চমজাই দিয়ে। ইফালে আৰক্ষীয়ে দুৰ্ঘটনা সংঘটিত কৰা শিৱসাগৰ বি চুৰেখাৰ নামত থকা এ এছ ০৪বি চি২৩৮৫ নম্বৰৰ ডাম্পাৰখন জব্দ কৰিছে।