ETV Bharat / state

ডিব্ৰুগড়ত খহনীয়াৰ ভয়ংকৰ ৰূপ

author img

By

Published : Jun 19, 2020, 4:41 PM IST

বৃহস্পতিবাৰে নিশাৰে পৰা পাৰ্কুপাইন পেলাই খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে ৷ শুকুৰবাৰে বিধায়কগৰাকী উপস্থিত হৈ সাংবাদিকৰ আগত ডিব্ৰুগড়বাসীয়ে কোনোধৰণৰ চিন্তা কৰিব নালাগে বুলি অৱগত কৰাৰ লগতে খহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

Terrible form of erosion in Dibrugarh
ডিব্ৰুগড়ত খহনীয়াৰ ভয়ংকৰ ৰূপ

ডিব্ৰুগড়,19 জুনঃ ডিব্ৰুগড়ত খহনীয়াৰ সংহাৰী ৰূপ ৷ প্ৰবল ভাবুকি নামি আহিছে এতিয়া ডিব্ৰুগড় জিলালৈ ৷ বৃহস্পতিবাৰে নিশাৰ ভিতৰতে বৰ লুইতৰ বুকুত জাহ গ'ল 6টাকৈ বাসগৃহ ৷ জানিব পৰা মতে,ডিব্ৰুগড় জিলাৰ মোহনাঘাটৰ মথাউৰিৰ সমীপতে এই ভয়ংকৰ খহনীয়া হৈছে ৷ বৃহস্পতিবাৰে নিশাৰে পৰা পাৰ্কুপাইন পেলাই খহনীয়াৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিয়ে স্থানীয় বিধায়ক প্ৰশান্ত ফুকনে ৷ শুকুৰবাৰে বিধায়কগৰাকী উপস্থিত হৈ সাংবাদিকৰ আগত ডিব্ৰুগড়বাসীয়ে কোনোধৰণৰ চিন্তা কৰিব নালাগে বুলি অৱগত কৰাৰ লগতে খহনীয়া প্ৰতিৰোধ কৰাৰ আশ্বাস প্ৰদান কৰে ৷

ডিব্ৰুগড়ত খহনীয়াৰ ভয়ংকৰ ৰূপ

ইপিনে,জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই সৰ্বহাৰা হোৱা ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাষত উপস্থিত হৈ আশ্ৰয় শিবিৰলৈ লোকসকলক স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰে ৷ ইয়াৰ উপৰি উপায়ুক্তগৰাকীয়ে ক্ষতিগ্ৰস্ত লোকসকলক ক্ষতিপূৰণ দিয়াৰ কথাও জানিবলৈ দিয়ে ৷ আনহাতে,যুৱ চিকিৎসক ভাস্কৰ পাপুকন গগৈয়ে মোহনাঘাটৰ পৰিস্থিতি প্ৰত্যক্ষ কৰি অঞ্চলটোৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনক অধিক সতৰ্ক হৈ উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে অনুৰোধ জনায় ৷

উল্লেখযোগ্য যে,ডিব্ৰুগড় নগৰৰ সুৰক্ষাৰ বাবে শেহতীয়াকৈ শক্তিশালী ৰূপত নগৰ সুৰক্ষা বান্ধটো পুনৰ নিৰ্মাণ কৰা হৈছিল। কিন্তু খহনীয়াৰ পাছতে এই নগৰ সুৰক্ষা বান্ধটোৰ প্ৰায় নিচেই কাষ চাপিছেহি বাৰিষাৰ ফেনে-ফুটুকাৰে বাঢ়ি অহা বুঢ়া লুইত।

লগতে পঢ়কঃ বানৰ সৈতে মোকাবিলা কৰিবলৈ কিদৰে সাজু হৈছে চৰকাৰ-প্ৰশাসন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.