মৰাণ,5 মাৰ্চঃ বিজেপিয়ে প্ৰথম পৰ্যায়ত হ'ব লগা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰাৰ পাছতে অসম জাতীয় পৰিষদেও প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে । জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে ডিব্ৰুগড় জিলাৰ দুলীয়াজান সমষ্টিৰ পৰা প্ৰতিদন্দিতা আগবঢ়াব। এইকথা অসম জাতীয় পৰিষদে আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে । সকলোৰে দৃষ্টি নিবদ্ধ আছিল প্ৰাক্তন আছু নেতা জনে ক'ত প্ৰতিদ্বন্দীতা কৰিব ।

মুঠৰ ওপৰত এতিয়া বিজেপিৰ বিধায়ক টেৰচ গোৱালাৰ সৈতে ভোট যুদ্ধত নামিব লুৰীণ জ্যোতি গগৈ । কোনজনে ৰাইজৰ পৰা ভোট আদায় কৰি দিছপুৰলৈ যাব পাৰিব, সেইয়া সময়ত হে পৰিলক্ষিত হ'ব ।
