ETV Bharat / state

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুলীয়াজানত উত্তপ্ত পৰিস্থিতি - road accident in Duliajan

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুলীয়াজানত উত্তপ্ত পৰিস্থিতি (Tension over road accident in Duliajan ) ৷ আৰক্ষীৰ সৈতে উত্তেজিত ৰাইজৰ হতাহতি ৷

tension-over-road-accident-in-duliajan
পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুলীয়াজানত উত্তপ্ত পৰিস্থিতি
author img

By

Published : Jan 18, 2022, 10:47 PM IST

মৰাণ, 18 জানুৱাৰী : দুলীয়াজান আৰক্ষী থানাৰ অন্তৰ্গত ডিৰিয়াল চাহ বাগিচাৰ এক পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি উদ্ভৱ হয় (Tension over road accident in Duliajan ) । প্ৰাপ্ত বাতৰি মতে, উৰুকাৰ দিনা দুলীয়াজানৰ ডিৰিয়াল চাহ বাগিচাৰ ধৰালাইনৰ ৰঘু কিষাণ নামৰ ব্যক্তিজন সেই সময়তেই বিপৰীত দিশৰ পৰা অহা এখন তীব্ৰবেগী গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত হয় । পৰিয়াল তথা স্থানীয় ৰাইজে তৎকালীনভাৱে ৰঘু কিষাণক ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰে ।

পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি দুলীয়াজানত উত্তপ্ত পৰিস্থিতি

সোমবাৰে নিশা কিষাণৰ মৃত্যুৰ বাতৰি বনজুইৰ দৰে চৌদিশে বিয়পি পৰাত কেইবা শতাধিক ৰাইজ ৰাজপথলৈ ওলাই আহি অভাৱনীয় পৰিস্থিতিৰ উদ্ভৱ কৰে । তদুপৰি দুৰ্ঘটনা সংঘটিত কৰা ১ নং বৰডুবি গাঁৱৰ প্ৰাঞ্জল গগৈৰ বাসগৃহৰ সন্মুখত কেইবা শতাধিক লোকে হাতে হাতে চোকা অস্ত্ৰ লৈ প্ৰতিবাদ অব্যাহত ৰাখে (Violent protest over road accident in Duliajan) । ইফালে পৰিস্থিতিৰ যথেষ্ঠ অৱনতি ঘটাত ঘটনাস্থলীত অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, আৰক্ষী, অৰ্ধ সামৰিক বাহিনী মোতায়েন কৰিবলগীয়া হয়, যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা নাই ।

ঘটনাস্থলীত প্ৰাঞ্জল গগৈৰ AS 06 E 2893 নম্বৰৰ চেণ্ট্ৰ বাহনখনৰ বিস্তৰ ক্ষতিসাধন হয় ৷ ৰাইজৰ দাবী "আমাৰ ল'ৰা ঘূৰাই দিয়ক" ৷ ঘটনা সংঘটিত কৰা মূল অভিযুক্তই শাস্তি নোপোৱা আৰু ভুক্তভোগীয়ে উচিত ক্ষতিপূৰণ লাভ নকৰা পৰ্যন্ত প্ৰতিবাদ অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে উত্তেজিত ৰাইজে । ঘটনাস্থলীত উপস্থিত থকা প্ৰশাসনৰ লোকে ৰাইজক দোষীক উচিত শাস্তি বিহাৰ আশ্বাস প্ৰদান কৰে ৷

লগতে পঢ়ক : Karbi peace accord: শান্তি চুক্তিৰ দফা ২.৩ বাতিলৰ দাবীত ডিফুত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.