ETV Bharat / state

Moran JNV controversy: শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা ছাত্ৰক ছমাহৰ বাবে ঘৰলৈ যোৱাৰ নিৰ্দেশ JNV কৰ্তৃপক্ষৰ - Teacher injured in students attacked in JNV Moran

মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি (Tension grips Moran JNV) ৷ শিক্ষয়িত্ৰীক প্ৰহাৰৰ অভিযোগত ২২ গৰাকী ছাত্ৰক ঘৰলৈ যাবলৈ নিৰ্দেশ দিয়াৰ পিছতে উদ্ভৱ হয় এই পৰিস্থিতিৰ (Moran JNV controversy) ৷ ঘৰলৈ যাবলৈ অমান্তি হৈছিল অভিযুক্ত ছাত্ৰকেইজন ৷

Tension grips Moran JNV
Tension grips Moran JNV
author img

By

Published : Nov 30, 2022, 6:54 AM IST

Updated : Nov 30, 2022, 8:18 AM IST

মৰাণ, 30 নৱেম্বৰ: শিক্ষয়িত্ৰীক ছাত্ৰই প্ৰহাৰ কৰা ঘটনাক লৈ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয় (Moran JNV controversy) ৷ ইতিমধ্যে এই ঘটনাৰ সৈতে জড়িত মূল অভিযুক্তসহ 22 গৰাকী ছাত্ৰক বিদ্যালয়খনৰ পৰা 6 মাহৰ বাবে ঘৰলৈ পঠিয়াই দিছে কৰ্তৃপক্ষই ৷ অৱশ্যে আগন্তুক পৰীক্ষা কেইটাত অৱতীৰ্ণ হ’ব পাৰিব তেওঁলোক ৷ কিন্তু পৰীক্ষা দি পুনৰ নিজৰ ঘৰলৈ যাব লাগিব ছাত্ৰকেইজন ৷ বিদ্যালয় কৰ্তৃপক্ষৰ এই সিদ্ধান্তক লৈ মঙলবাৰে নিশা পুনৰ উত্তপ্ত হৈ পৰে মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ৰ চৌহদ (Tension grips Moran JNV) ৷

বিদ্যালয়খনৰ অধ্যক্ষ ৰতীশ কুমাৰে জনায় যে, বিক্ষিপ্ত ঘটনাটোৰ সৈতে জড়িত 22 জন ছাত্ৰক বিশেষ কমিটীৰ সিদ্ধান্ত অনুসৰি 6 মাহৰ বাবে বিদ্যালয়ৰ পৰা ঘৰলৈ পঠিয়াই দিয়া হৈছে ৷ এই সময়ৰ ভিতৰতে সমগ্ৰ ঘটনাৰ তদন্ত কৰা হ’ব আৰু তদন্তৰ অন্তত তেওঁলোকৰ বিৰুদ্ধে বাকী ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ অৱশ্য়ে তেওঁলোকক পৰীক্ষাত অৱতীৰ্ণ হোৱাত বাধা প্ৰদান কৰা নহয় ৷ ডিব্ৰুগড়ৰ উপায়ুক্ত বিশ্বজিৎ পেগুৰ লগতে মৰাণৰ চক্ৰ বিষয়াই সমগ্ৰ ঘটনাটো পৰ্যবেক্ষণ কৰি তদন্তৰ ব্যৱস্থা কৰিছে ৷

শিক্ষয়িত্ৰীক প্ৰহাৰ কৰা ছাত্ৰক ছমাহৰ বাবে ঘৰলৈ যোৱাৰ নিৰ্দেশ JNV কৰ্তৃপক্ষৰ

ছাত্ৰকেইজনক ঘৰলৈ পঠিয়াই দিয়াৰ সিদ্ধান্ত গ্ৰহণৰ পাচতে বিদ্যালয়খনৰ প্ৰৱেশদ্বাৰত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে তেওঁলোকৰ অভিভাৱকসকলে ৷ পৰিস্থিতি জটিল হৈ পৰাত ঘটনাস্থলীত মৰাণৰ ৰাজহ চক্ৰ বিষয়া, চক্ৰ আৰক্ষী বিষয়া আদি উপস্থিত হৈ অভিভাৱকৰ সৈতে বিষয়টো আলোচনা কৰে ৷ অৱশেষত ৰাজহ চক্ৰ বিষয়াৰ তৎপৰতাত বাহন যোগাৰ কৰি ছাত্ৰ কেইজনক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰা হয় ৷

উল্লেখ্য যে, ছাত্ৰৰ উদ্ভণ্ডালিত আহত হ'বলগীয়া হয় মৰাণ জৱাহৰ নৱোদয় বিদ্যালয়ৰ এগৰাকী শিক্ষয়িত্ৰী (beating up a lady teacher) ৷ পাঁচমহীয়া অন্তঃসত্বা শিক্ষয়িত্ৰীগৰাকীক প্ৰহাৰৰ অভিযোগ একাংশ ছাত্ৰৰ বিৰুদ্ধে (Teacher injured in students attacked in JNV Moran) । ছাত্ৰই পৰীক্ষাত নম্বৰ কম পোৱাত অভিভাৱকক অভিযোগ দিয়াৰ বাবেই দলবদ্ধ আক্ৰমণ কৰে শিক্ষয়িত্ৰীগৰাকীক । অৱশ্যে বিদ্যালয়খনৰ ছাত্ৰী আৰু বিদ্যালয়ৰ সহকৰ্মীৰ সহযোগত কোনোমতে প্ৰাণ ৰক্ষা পৰে শিক্ষয়ত্ৰীগৰাকীৰ ।

যোৱা ২৭ নৱেম্বৰত মৰাণৰ জৱাহৰ নৱোদয় বিদ্যালয়ত শিক্ষয়িত্ৰীগৰাকীক দলবদ্ধ আক্ৰমণ কৰে নৱম আৰু দ্বাদশ শ্ৰেণীৰ কেইগৰাকীমান ছাত্ৰই । ফলত এতিয়া নিৰাপত্তাহীনতাত ভুগিছে শিক্ষক-শিক্ষয়িত্ৰীসকলে (Jawahar Navodaya Vidyalaya Moran) ।

অভিযোগ উত্থাপন হৈছে একাদশ শ্ৰেণী আৰু দশম শ্ৰেণীৰ দুজন ছাত্ৰৰ বিৰুদ্ধে । লগতে আন ২২ গৰাকী ছাত্ৰও ঘটনাত জড়িত থকাৰ অভিযোগ তোলে বিদ্যালয় প্ৰশাসনে । অৱশেষত ডিব্ৰুগড় জিলা প্ৰশাসন আৰু বিদ্যালয় কৰ্তৃপক্ষই আলোচনা কৰি বিদ্যালয়ৰ পৰা ছমাহৰ বাবে ঘৰলৈ পঠিয়াই দিয়ে ছাত্ৰ কেইজনক ৷ এই ঘটনাই সমগ্ৰ জিলা খনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Teacher Attacked by Students: মৰাণত ছাত্ৰৰ উদ্ভণ্ডালিত আহত অন্তঃসত্বা শিক্ষয়িত্ৰী

Last Updated : Nov 30, 2022, 8:18 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.