ETV Bharat / state

ডিব্ৰুগড়ত মুক্তি যোদ্ধা টংকেশ্বৰ বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা - চেম্পিয়নৰ খিতাপ

ডিব্ৰুগড় জিলাৰ মৰাণৰ তেলপানী বন গাওঁ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা মুক্তি যোদ্ধা টংকেশ্বৰ বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত টেঙাখাট টাউন ক্লাৱ চেম্পিয়ন ।

As_Moran_01_Tengakhat_town_club_won_football_competition_at Telpani_img_As10031
ডিব্ৰুগড়ত মুক্তি যোদ্ধা টংকেশ্বৰ বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতা
author img

By

Published : Feb 10, 2021, 7:22 PM IST

মৰাণ, ১০ ফেব্ৰুৱাৰী: ডিব্ৰুগড় জিলাৰ মৰাণৰ তেলপানী বন গাওঁ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হৈ থকা মুক্তি যোদ্ধা টংকেশ্বৰ বৰুৱা সোঁৱৰণী ফুটবল প্ৰতিযোগিতাত টেঙাখাট টাউন ক্লাৱে চেম্পিয়নৰ খিতাপ অৰ্জন কৰে । তেলপানী বন গাওঁ আৰু তেলপানী যুৱক সংঘৰ উদ্যোগত যোৱা ২৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত হৈ থকা এই ফুটবল প্ৰতিযোগিতাৰ মংগলবাৰে অনুষ্ঠিত চুড়ান্ত খেলত টেঙাখাট টাউন ক্লাৱে ৰমাই আদিবাসী ফুটবল ক্লাবক একমাত্ৰ গ'লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয় । খেলৰ শেষ মূহূৰ্তত একমাত্ৰ গল দিয়ে হীৰক জ্যোতি সোণোৱালে ।

এই খেলত মুঠ ১৬ টা দলে অংশ গ্ৰহণ কৰে । এই প্ৰতিযোগিতাখনিৰ দাতা অসীম বৰুৱাই চূড়ান্ত খেলখনৰ বঁটা বিতৰণী অনুষ্ঠানত চেম্পিয়ন দল টেঙাখাট টাউন ক্লাৱক নগদ ১০ হাজাৰ টকা আৰু সুদৃশ্য ট্ৰফী প্ৰদান কৰে । আনহাতে ৰমাই আদিবাসী ফুটবল ক্লাবক এটা ট্ৰফীসহ নগদ ৫ হাজাৰ টকাৰ বঁটা প্ৰদান কৰে সদৌ অসম ছাত্ৰ সন্থাৰ টেঙাখাট আঞ্চলিক সমিতিৰ সম্পাদক সীমান্ত হাজৰীকাই ।

উক্ত বঁটা বিতৰণী অনুষ্ঠানত স্থানীয় বিশিষ্ট ব্যক্তিসকলৰ উপৰিও মৰাণৰ ভালেসংখ্যক বিশিষ্ট ব্যক্তি আৰু মৰাণ প্ৰেছ ক্লাৱৰ কেইবাজনো সাংবাদিক উপস্থিত থাকে। চুড়ান্ত খেলখন পৰিচালনা কৰে শক্তি প্ৰধান,হৰেশ্বৰ সন্দিকৈ,লক্ষী গগৈ আৰু লক্ষণ গগৈয়ে ।

লগতে পঢ়ক:সদৌ তাই আহোম ছাত্ৰ সন্থাক প্ৰতাৰণা কৰাৰ দাবীত সংবাদমেল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.