ETV Bharat / state

মৰাণৰ এখন বিদ্যালয়ৰ ভৱিষ্যতে চিন্তাত পেলাইছে শিক্ষকৰ লগতে অভিভাৱকক - 2022 HSLC exam

বন্ধ কৰি দিয়া হ’ব ২০২২ৰ মেট্ৰিক পৰাক্ষাত এজনো ছাত্ৰ-ছাত্ৰীক উত্তীৰ্ণ কৰোৱাব নোৱাৰা বিদ্যালয় ৷ চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে চিন্তাত পৰিছে মৰাণৰ একাংশ শিক্ষাগুৰুৰ লগতে অভিভাৱক (Satri Kalyan Girls School Moran)৷

Satri Kalyan Girls School Moran
মৰাণৰ এখন বিদ্যালয়ৰ ভৱিষ্যতে চিন্তাত পেলাইছে শিক্ষকৰ লগতে অভিভাৱকক
author img

By

Published : Aug 24, 2022, 10:53 PM IST

ডিব্ৰুগড়, 24 আগষ্ট: ২০২২ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত(2022 HSLC exam) এজনো ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ নোহোৱা ৩৪ খন বিদ্যালয় চৰকাৰে বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে(Poor result school to close) ৷ এই খবৰৰ পিছতে মৰাণৰ এখন বিদ্যালয়ত শিক্ষক আৰু স্থানীয় ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে ।

বন্ধ কৰিব খোজা বিদ্যালয়সমূহৰ ভিতৰত মৰাণৰ সমীপৰ ১ নং শিলপুতাস্থিত ছাত্ৰী কল্যাণ উচ্চ মাধ্যমিক বিদ্যালয়খনো পৰিছে (School of Moran to close)। এই বিদ্যালয়খনৰ ২০২২ বৰ্ষৰ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হাৰ শূণ্য আছিল । ১৯৮২ চনত স্থাপিত হোৱা বিদ্যালয়খন স্বীকৃতি পাইছিল ১৯৯৩ চনত । তেতিয়াৰ পৰাই ছাত্ৰীসকলক শিক্ষাদান কৰি অহা হৈছিল । বৰ্তমান ৪ গৰাকী শিক্ষক-শিক্ষয়িত্ৰী আছে যদিও এগৰাকীয়েও পাৰিশ্ৰমিক নাপায় (Non provincialised school at Moran)।

মৰাণৰ এখন বিদ্যালয়ৰ ভৱিষ্যতে চিন্তাত পেলাইছে শিক্ষকৰ লগতে অভিভাৱকক

বিনা বেতনেৰে শিক্ষাদান কৰি অহাৰ পিছত বিদ্যালয়খন হঠাৎ চৰকাৰে বন্ধ কৰিব খোজাত ক্ষোভ প্ৰকাশ কৰিছে শিক্ষকসকলৰ লগতে স্থানীয় ৰাইজে । স্থানীয় ৰাইজৰ মতে চৰকাৰে আজিলৈকে কোনো অনুদান দি পোৱা নাই বিদ্যালয়খনলৈ (Satri Kalyan Girls School Moran)। ৰাইজৰ দান-বৰঙনিৰে বিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণ কৰাৰ লগতে সকলো চোৱা-চিতা কৰা হয় । শিক্ষক-শিক্ষয়িত্ৰী সকলেও অনেক কষ্ট কৰি বিদ্যালয়ত পাঠদান কৰে ।

বিদ্যালয়খন বন্ধ কৰি দিলে বিনা বেতনেই শিক্ষকতাৰ পৰা বিদায় মাগিব শিক্ষক-শিক্ষয়িত্ৰীসকলে । যাৰ বাবে এতিয়া চিন্তিত হৈ পৰিছে শিক্ষকসকল ।

লগতে পঢ়ক: বিদ্যালয় হ্ৰাস কৰাৰ বিপৰীতে সমগ্ৰ ব্যৱস্থাটোৰ পুনৰীক্ষণ কৰাৰ আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.