ETV Bharat / state

নিৰ্বাচন বৰ্জনৰ হুংকাৰ ঘোঁৰাজান বাগিচাৰ শ্ৰমিকৰ

বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট বৰ্জন কৰাৰ হুংকাৰ সহস্ৰাধিক চাহ শ্ৰমিকৰ ৷ সোণাৰিৰ ঘোঁৰাজান চাহ বাগিচাত বিগত দুটা মাহ ধৰি শ্ৰমিকৰ মজুৰি আৰু ৰেচন প্ৰদান নকৰাত বন্ধ হৈ আছে বাগিচাখনৰ কাম-কাজ ৷

নিৰ্বাচন বৰ্জনৰ হুংকাৰ ঘোঁৰাজান চাহ বাগিচাৰ শ্ৰমিকৰ

author img

By

Published : Mar 16, 2021, 3:34 PM IST

মৰাণ,16 মাৰ্চঃ সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ভোট বৰ্জন কৰাৰ হুংকাৰ ঘোঁৰাজান চাহ বাগিচাৰ সহস্ৰাধিক চাহ শ্ৰমিকৰ ৷ সোণাৰিৰ ঘোঁৰাজান চাহ বাগিচাত বিগত দুমাহ ধৰি শ্ৰমিকৰ মজুৰি আৰু ৰেচন প্ৰদান নকৰাত বন্ধ হৈ আছে বাগিচাখনৰ কাম-কাজ ৷ বাগিচাখনৰ শ্ৰমিকসকলে বাৰম্বাৰ মালিকপক্ষৰ লগতে আৰু শাসনাধিষ্ঠ চৰকাৰখনৰ জন প্ৰতিনিধিক অৱগত কৰি আহিছে ৷ কিন্তু শ্ৰমিকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা হোৱা নাই ৷

নিৰ্বাচন বৰ্জনৰ হুংকাৰ ঘোঁৰাজান চাহ বাগিচাৰ শ্ৰমিকৰ

ফলশ্ৰুতিত মঙলবাৰে কেইবাশতাধিক শ্ৰমিকে বাগিচাৰ কাৰ্যালয় চৌহদত অৱস্থান কৰি মালিকপক্ষ আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ নিৰ্বাচনৰ পূৰ্বে শ্ৰমিকৰ প্ৰাপ্যসমূহ প্ৰদান নকৰিলে আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰি সাব্যস্ত কৰিব প্ৰতিবাদ ৷

লগতে পঢ়কঃ নাৰায়ণপুৰত ভয়ংকৰ অগ্নিকাণ্ড:তিনিটা পৰিয়ালৰ বাসগৃহ ভষ্মীভূত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.