মৰাণ,29 এপ্ৰিল: কৃষি প্ৰধান মৰাণ অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে বৰষুণৰ অভাৱত বৃহৎ লোকচানৰ সন্মুখীন হ’বলগা হৈছে । উল্লেখ্য যে, আন বছৰৰ তুলনাত এই বছৰ বৰষুণৰ অভাৱত তেনেই খৰাং হৈ পৰাত ক্ষুদ্ৰ চাহ খেতিয়কসকলে বাগিচাত কেঁচাপাত উৎপাদন কৰিব পৰা নাই ।
সাধাৰণতে মাৰ্চ মাহৰ শেষৰ পৰাই বৰষুণ পৰিবলৈ আৰম্ভ হয় ৷ চলিত বৰ্ষত এপ্ৰিল মাহ পর্যন্ত বৰষুণ নোহোৱাত ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিচাসমূহ তেনেই খৰাং হৈ সেউজীয়া পৰিৱেশ নোহোৱাৰ লগতে বহু খেতিয়কৰ চাহ গছবোৰ মৰি যোৱাৰ উপক্ৰম হৈছে । এতিয়া একাংশ বাগিচাত খেতিয়কসকলে কেঁচাপাত এবাৰো ছিঙিব নোপোৱাৰ বাবে মূৰে-কপালে হাত দিবলগীয়া হৈছে ।
অন্য বছৰসমূহত ব’হাগ বিহুৰ পূৰ্বে যথেষ্ট পৰিমাণে কেঁচাপাত উৎপাদনেৰে দুপইচা দামত বিক্ৰী কৰি আৰ্থিক সকাহ লাভ কৰিছিল খেতিয়কসকলে । কিন্তু এই বছৰ বৰষুণৰ পৰিমাণ তেনেই হ্ৰাস পোৱাত কৃষকসকলে ভৱিষ্যতৰ বাবে আৰ্থিক দিশটোৰ চিন্তা কৰিবলগীয়া হৈছে ৷
অৱশ্যে ইয়াৰ মাজতে সুবিধা অনুযায়ী একাংশ কৃষকে জলসিঞ্চনৰ ব্যৱস্থা কৰাত তেওঁলোকে যথেষ্ট কেঁচাপাত উৎপাদন কৰিবলৈ সক্ষম হৈছে । বাকী কৃষকসকলে বৰষুণৰ বাবে অপেক্ষা কৰি হাত সাৱটি বহি থকাৰ বাদে আন একো উপায় বিচাৰি নোপোৱাৰ লগতে পানীত হাঁহ নচৰা অৱস্থাৰ লেখীয়া হৈছে ।
লগতে পঢ়ক : চেৰফাংগুৰী ক’ভিড হাস্পতালৰ পৰা ক’ভিড ৰোগীৰ পলায়ন