ETV Bharat / state

Sankardev Sangha Controversy : শংকৰদেৱ সংঘক ক্ষমা খোজাৰ দাবী টাইপাৰ - সদৌ টাই আহোম ছাত্ৰ সন্থা

মৰিয়নিৰ নকচাৰীত শংকৰ সংঘৰ ফটোৱাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ (Sankardev Sangha Morioni expelled 4 families) । মৰিয়নিৰ নকচাৰীত আহোম সমাজ ব্যৱস্থা পৰম্পৰাগত চকলং ৰীতি-নীতিৰে সম্পন্ন হোৱা এখন বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি সমাজচ্যুত হ'ল চাৰিটাকৈ পৰিয়াল । এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে টাই আহোম যুৱ পৰিষদ অসমে ।

Sankardev Sangha controversy
শংকৰদেৱ সংঘক ক্ষমা খোজাৰ দাবী টাইপাৰ
author img

By

Published : Oct 25, 2022, 9:41 AM IST

মৰাণ, ২৫অক্টোবৰ : যোৰহাটত বিয়া খাবলৈ গৈ সমাজচ্যুত হ'বলগীয়া হৈছে চাৰিটা পৰিয়াল (Family expelled by Sankardev Sangha)। মৰিয়নি লাহিং অঞ্চলত সংঘটিত এই ঘটনাই পুনৰ বিতৰ্কৰ মাজলৈ ঠেলি দিলে শ্ৰীমন্ত শংকৰদেৱ সংঘক (Sankardev Sangha unsocial work at Mariani) । শংকৰ সংঘৰ এনে কৰ্ম-কাণ্ডক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই প্ৰসংগত এইবাৰ সৰৱ হৈছে সদৌ টাই আহোম ছাত্ৰ সন্থা ।

পুনৰ চাৰিটা পৰিয়ালক এঘৰীয়া কৰাৰ পিছতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ হুংকাৰ দিছে টাই আহোম যুৱ পৰিষদ অসমৰ (TAYPA react on decision of Sankardev Sangha)। মৰিয়নিত আহোমসকলৰ পৰম্পৰাগত চকলং বিবাহ অনুষ্ঠানত উপস্থিত থকা বাবেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লাহিঙ আঞ্চলিক সমিতিয়ে চাৰিটা পৰিয়ালক এঘৰীয়া কৰাৰ পাছত শুদ্ধিকৰণ কৰা কাৰ্যক গৰিহণা দিছে টাইপাই ।

ইপিনে, শংকৰদেৱ সংঘক অতি শীঘ্ৰে ক্ষমা খোজাৰ দাবী জনাইছে টাইপাৰ সভাপতি বিজয় ৰাজখোৱাৰ । তেওঁ কয় যে এই কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য় নহয় । যদিহে শংকৰদেৱ সংঘই অতি সোনকালে ক্ষমা নোখোজে তোতিয়াহ'লে আগন্তুক দিনত উজনি অসমত অনুষ্ঠিত হ'বলগীয়া সংঘৰ কাৰ্যসূচীৰ বিৰোধিতা কৰিব বুলি তেওঁ সঁকীয়াই দিয়ে ।

: শংকৰদেৱ সংঘক ক্ষমা খোজাৰ দাবী টাইপাৰ

মৰিয়নিৰ নকচাৰীত টাই আহোম সমাজ ব্যৱস্থা চকলং ৰীতি-নীতিৰে অনুষ্ঠিত বিবাহত অংশগ্ৰহণ কৰাৰ বাবেই এই ফটোৱা (Sankardev Sangha Mariani expelled 4 families)। মৰিয়নি লাহিং লাহদৈগড় মৰাণ গাঁৱৰ লক্ষী গগৈক শংকৰ সংঘই বিয়া খোৱাৰ বাবেই সমাজচ্যুত কৰি শুদ্ধিকৰণ কৰিলে । জানিব পৰা মতে, চকলং ৰীতি-নীতিৰে বিবাহ সম্পন্ন কৰা নকচাৰীৰ কইনাঘৰৰ লগতে বিবাহত অংশগ্ৰহণ কৰা চাৰিটা পৰিয়ালকো শংকৰ সংঘই এঘৰীয়া কৰে (Sankardev Sangha Mariani controversy)। ইফালে, এই ঘটনাক একমুখে ধিক্কাৰ জনাইছে সদৌ টাই আহোম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ লগতে বিভিন্ন সচেতন ৰাইজে ।

উল্লেখ্য যে সময়ে সময়ে শংকৰদেৱ সংঘ এনে ধৰণৰ বিৰ্তকৰ মাজত সোমাই আহিছে । ইতিমধ্যে এনে বহু ঘটনা ঘটিছে যাৰ বাবে শংকৰ সংঘ সমালোচনাৰ সন্মুখীন হ'বলগীয়া হৈছে । শংকৰদেৱৰ উদাৰ নীতিক ভৰিৰে মোহাৰি শংকৰ সংঘৰ কেতবোৰ পাবত গজা নেতাই শংকৰদেৱৰ সমগ্ৰ আদৰ্শ নীতিকে ভৰিৰে মোহাৰি আহিছে ।

'কুকুৰ শৃগাল গৰ্দভৰো আত্মা ৰাম' বুলি শংকৰদেৱে যি মহান আদৰ্শৰ বাণী দি থৈ গৈছে তাকো যেন কেৰেপ নকৰে এইসকল শংকৰ সংঘৰ বিষয়ববীয়াই । যাৰবাবে সময়ে সময়ে বিতৰ্কৰ কেন্দ্ৰবিন্দুত সোমাই পৰাৰ লগতে শংকৰ সংঘৰ নীতি-আদৰ্শক লৈও প্ৰশ্ন উত্থাপন হৈ আহিছে । ইতিমধ্যে গাহৰি, কুকুৰা পোহাৰ বাবেই শংকৰ সংঘই কেইবাজনো লোকক সমাজ ব্যৱস্থাৰ পৰা এঘৰীয়া কৰাৰ উদাহৰণ আছে ।

লগতে পঢ়ক:Sitrang Cyclone in Assam : ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিবৃ পাতৰ সম্ভাৱনা ব্যক্ত বতৰ বিজ্ঞান কেন্দ্ৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.