নাহৰকটীয়া, 4 আগষ্টঃ বিজেপিৰ বাৰ্তা উন্মোচনী অনুষ্ঠানত মঙলবাৰে দলৰ ২০২০-২৩ বৰ্ষৰ অসম ৰাজ্যিক সমিতিৰ ঘোষণা কৰা হয় ৷ দলৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ঘোষণা কৰা নৱ গঠিত ৰাজ্যিক সমিতিৰ সম্পাদকৰ আসন অলংকৃত কৰি যুৱ নেতা তৰংগ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ বিজেপি কৰ্মকৰ্তালৈ কঢ়িয়াইছে আনন্দৰ বতৰা ৷
![বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদকৰ পদত যুৱনেতা তৰংগ গগৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-nhk-801to804jpg-youthleaderofnaharkatiabjptarangagogooselectedforbjpassamrajyikcomitee2020-23-asc10077_04082020190154_0408f_1596547914_631.jpg)
উল্লেখ্য যে, দেশৰ অন্যতম শক্তিশালী ৰাজনৈতিক দল বিজেপিৰ ২০২০-২৩ বৰ্ষৰ অসম ৰাজ্যিক সমিতিত সম্পাদকৰ পদত অধিষ্ঠিত হোৱা নাহৰকটীয়াৰ যুৱ নেতা তৰংগ গগৈয়ে বিজেপি যুৱ মৰ্চাৰ অসম ৰাজ্যিক উপ সভাপতিৰ পদত কাৰ্যনিৰ্বাহ কৰি আছিল ৷ এই ঘোষণাৰ পাছতে স্বাভাৱিকতে এতিয়া আনন্দৰ লহৰ উঠিছে নাহৰকটীয়া বিজেপিত ৷
![অসংখ্যজনে শুভেচ্ছা বাণীৰ লগতে ফুলাম গামোছাৰে উপচাইছে যুৱনেতা গৰাকীক](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-nhk-801to804jpg-youthleaderofnaharkatiabjptarangagogooselectedforbjpassamrajyikcomitee2020-23-asc10077_04082020190154_0408f_1596547914_361.jpg)
![তৰংগ গগৈয়ে নাহৰকটীয়া সমষ্টিৰ বিজেপি কৰ্মকৰ্তালৈ কঢ়িয়াইছে আনন্দৰ বতৰা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-nhk-801to804jpg-youthleaderofnaharkatiabjptarangagogooselectedforbjpassamrajyikcomitee2020-23-asc10077_04082020190154_0408f_1596547914_370.jpg)
অসংখ্যজনে শুভেচ্ছা বাণীৰ লগতে ফুলাম গামোছাৰে উপচাইছে যুৱনেতা গৰাকীক ৷ ইফালে যুৱনেতা গৰাকীয়েও বিজেপি দলৰ নৱ গঠিত ৰাজ্যিক সমিতিৰ এগৰাকী সম্পাদক ৰূপে মনোনীত কৰাত অভিভূত হৈ পৰা বুলি উল্লেখ কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি নাড্ডা, বিজেপিৰ অসম ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ সকলো নেতা কৰ্মীকে ধন্যবাদ জ্ঞাপন কৰে ৷ আগন্তুক দিনত দল তথা ৰাইজৰ স্বাৰ্থত সৰ্বোচ্চ উজাৰি কাম কৰি যাবৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ বুলি প্ৰকাশ কৰে নেতাজনে ৷
![বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সম্পাদকৰ পদত যুৱনেতা তৰংগ গগৈ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/a-nhk-801to804jpg-youthleaderofnaharkatiabjptarangagogooselectedforbjpassamrajyikcomitee2020-23-asc10077_04082020190154_0408f_1596547914_29.jpg)