ডিব্ৰুগড়, 7 মাৰ্চ : চৰকাৰৰ লগত গোপন বুজাবুজি কৰি আন্দোলন কৰিলে গ্ৰেপ্তাৰ নহয়। কিন্তু গোপন বুজাবুজি নকৰিলেই গ্ৰেপ্তাৰ হয়। এইবাৰ এই বিস্ফোৰক অভিযোগ আহোম জনগোষ্ঠীয় সংগঠন টাইপাৰ । কৃষক নেতা অখিল গগৈৰ উন্নত চিকিৎসাৰ দাবীৰে ডিব্ৰুগড়ত অনুষ্ঠিত এক সংবাদমেলত টাই আহোম যুৱ পৰিষদৰ এই আওপকীয়া অভিযোগ ৷ কৃষক নেতা অখিলৰ উন্নত চিকিৎসাৰ বাবে ৰাজ্যত প্ৰৱল দাবী অব্যাহত আছে যদিও চিকিৎসাৰ নামত ভেকোভাৱনা কৰাৰ অভিযোগ চৰকাৰৰ বিৰুদ্ধে। যদি চৰকাৰৰ ওচৰত অখিলৰ চিকিৎসাৰ বাবে ধন নাই ,তেন্তে অখিলৰ চিকিৎসাৰ ধন টাইপাই দিব বুলি বৃহত্তৰ ডিব্ৰুগড় প্ৰেছ ক্লাৱত অনুষ্ঠিত সংবাদ মেলত মন্তব্য সংগঠনটোৰ ।
অখিলক উন্নত চিকিৎসা নকৰি জি এম চি এইছলৈ আনি পুনৰ কাৰাগালৈ নিক্ষেপ কৰা কাৰ্যত তীব্ৰ প্ৰতিক্ৰিয়া টাইপাৰ। লগতে অখিলক হত্যাৰ ষড়যন্ত্ৰ কৰিয়েই চৰকাৰে এনেদৰে NIAৰ ভুৱা গোচৰ জাপি দিছে বুলিও ক'ব খোজে টাইপাই । মুখ্যমন্ত্ৰী, এম এল এৰ সাধাৰণ অসুস্থতাত বিদেশত চিকিৎসা কৰোৱা হ'ল হেতেন বুলি কৈ অখিলৰ ক্ষেত্ৰত মানৱ অধিকাৰ ভংগৰ অভিযোগ টাইপাৰো ।
উল্লেখ্য যে শেহতীয়া কা বিৰোধী আন্দোলনত সক্ৰিয় স্থিতি গ্ৰহণ কৰি মুখ্যমন্ত্ৰীৰ গৃহ জিলাৰ মাজ মজিয়াত উলংগ প্ৰতিবাদ পৰ্যন্ত কৰা সংগঠনটোৰ প্ৰতিনিধিৰ দাবী অখিলৰ লগতে কাৰাবন্দী হৈ থকা সকলোৰে মুক্তিৰ । ইফালে আহোম জনগোষ্ঠীক বিজেপিয়ে পূৰ্বৰ পৰা মাহী আইৰ দৃষ্টি দিয়াৰ অভিযোগ লৈ বিজেপিয়ে ডিব্ৰুগড়ত OBC উন্নয়ন ব'ৰ্ডৰ অধ্যক্ষ পদত এজন MOBC লোকক নিযুক্তি দিয়াক লৈও ক্ষোভ আহোম জনগোষ্ঠীয় সংগঠনটোৰ।
লগতে পঢ়ক :