ETV Bharat / state

টাই আহোম যুৱ পৰিষদৰ দুই ফৈদৰ মাজত তুংগত উঠিছে সংঘাত

author img

By

Published : Dec 16, 2020, 10:38 PM IST

মৰাণ অধিৱেশন বৈধ বুলি স্পষ্টীকৰণ টাইপাৰ ৷ বৃহস্পতিবাৰে তিলৈ গ্ৰাম্যবজাৰস্থিত অধিৱেশনস্থলীত টাইপাৰ তৰফৰ পৰা আয়োজন কৰা এক সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে কয় যে, ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈহে টাইপাৰ আনটো ফৈদে এই অধিৱেশন অবৈধ বুলি অপ্ৰচাৰ চলাইছে ।

A_Moran_TAYPA_Moran_conference_As10031
টাই আহোম যুৱ পৰিষদৰ দুই ফৈদৰ মাজত তুংগত উঠিছে সংঘাত

মৰাণ,16 ডিচেম্বৰ : টাই আহোম যুৱ পৰিষদ অসমৰ দুই ফৈদৰ মাজত তুংগত উঠিছে সংঘাত ৷ টাইপাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানত মৰাণ মহকুমা সমিতিৰ লগতে বিভিন্ন জিলা তথা মহকুমা সমিতিৰ উদ্যোগত আৰু মৰাণ ৰাইজৰ সহযোগত মৰাণৰ তিলৈ গ্ৰাম্যবজাৰত অহা ২৬, ২৭ আৰু ২৮ ডিচেম্বৰত আয়োজন কৰা হৈছে টাইপাৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৷ কিন্তু এই অধিৱেশন অবৈধ বুলি মঙলবাৰে সংবাদমাধ্যম যোগে ঘোষণা কৰে টাইপাৰ এটা ফৈদে ৷ ইয়াৰ পিছতে বৃহস্পতিবাৰে টাইপাৰ আন এটা ফৈদে এই অধিৱেশন অবৈধ নহয় বুলি স্পষ্টীকৰণ দিয়ে ৷

বৃহস্পতিবাৰে তিলৈ গ্ৰাম্যবজাৰস্থিত অধিৱেশনস্থলীত টাইপাৰ তৰফৰ পৰা আয়োজন কৰা এক সংবাদমেলত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সকলে কয় যে, ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিবলৈ আনটো ফৈদে অধিৱেশন সন্দৰ্ভত এনেধৰণৰ অপ্ৰচাৰ চলাইছে । আহোম জনগোষ্ঠীৰ লোকক লৈ টাইপা গঠন কৰা হৈছে । টাইপাৰ সংবিধানত উল্লেখ থকা অনুসৰি কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ প্ৰতিজন বিষয়ববীয়া স্নাতক হ'ব লাগিব আৰু বয়স ১৮ ৰ পৰা ৬০ বছৰ হ'ব লাগিব । কিন্তু এই অধিৱেশনক অবৈধ বুলি মন্তব্য কৰা সকলৰ কেইজন নেতা সংবিধানৰ গণ্ডিৰ মাজত আছে বুলি আজিৰ সংবাদমেলত প্ৰশ্ন উত্থাপন কৰে । কেৱল নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে তেওঁলোকে টাইপাৰ বিষয়ববীয়া বুলি দাবী কৰাৰ লগতে এই মৰাণ অধিৱেশনতে টাইপাৰ কেন্দ্ৰীয় সমিতিখন গঠন কৰা হ'ব বুলি ঘোষণা কৰে ।

আজি আয়োজন কৰা এই সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি হৰেন ফুকন, মুখ্য উপদেষ্টা পংকজ বৰগোঁ‌হাই, যুটীয়া সম্পাদক মৃদুল বাইলুং ফুকনৰ লগতে কেন্দ্ৰীয় আৰু জিলা সমিতিৰ কেইবাজনো বিষয়ববীয়া উপস্থিত থাকে । আনহাতে, ক্ষীপ্ৰ গতিত চলিছে টাইপাৰ মৰাণ অধিৱেশনৰ প্ৰস্তুতি । অসমৰ বহু ৰাজনৈতিক নেতা আৰু বিশিষ্ট ব্যক্তিয়ে এই অধিৱেশনত অংশগ্ৰহণ কৰিব বুলি আয়োজক সমিতিয়ে সংবাদমেলযোগে ব্যক্ত কৰে ।

লগতে পঢ়ক-কাইলৈ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন : সাজু প্ৰশাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.