ETV Bharat / state

প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ

author img

By

Published : Feb 16, 2021, 2:19 PM IST

Updated : Feb 16, 2021, 2:58 PM IST

বিগত বছৰৰ ২১ ডিচেম্বৰৰ পৰা অপহৃত প্ৰণৱ কুমাৰ গগৈক শীঘ্ৰে মুকলি কৰি দিবলৈ আলফা(স্বা) ক দাবী টাই আহোম ছাত্ৰ সন্থাক । সমগ্ৰ বিষয়ত চৰকাৰ আৰু কুইপ' প্ৰতিষ্ঠানক সমালোচনা সংগঠনটোৰ ।

অপহৃত প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ দাবী তাই আহোম ছাত্ৰ সন্থাৰ

টিংখাং,১৬ ফেব্ৰুৱাৰী: যোৱা বছৰৰ ২১ ডিচেম্বৰত কুইপ’ তৈল প্ৰতিষ্ঠানৰ দুই কৰ্মচাৰী ক্ৰমে প্ৰণৱ কুমাৰ গগৈ আৰু ৰাম কুমাৰক অপহৰণ কৰিছিল আলফা (স্বা) আৰু এমএছচিএনে(কে) য়ে । অপহৰণৰ পিছতে বিভিন্ন দাবী জনাই আলফা স্বাধীনে প্ৰেছ বিজ্ঞপ্তিও প্ৰকাশ কৰিছিল । কিন্তু এতিয়াও এইক্ষেত্ৰত অসম চৰকাৰ তথা কুইপ' প্ৰতিষ্ঠানে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা ।

অপহৃত অসম সন্তান গগৈক শীঘ্ৰে মুকলি কৰি দিবলৈ দাবী জনাই সদৌ টাই আহোম ছাত্ৰ সন্থাৰ টিংখাং আঞ্চলিক সমিতিয়ে । প্ৰণৱ কুমাৰ গগৈক কোনো ক্ষতি নকৰাকৈ সোঁশৰীৰে মুকলি কৰি দিবলৈ আলফা(স্বা) ক দাবী জনাই সংগঠনটোৱে । ভূমিপুত্ৰৰ তেজেৰে স্বাধীন অসমৰ সপোন যাতে নিবিচাৰে আলফা স্বাধীনৰ প্ৰতি আহ্বান জনাই টাই আহোম ছাত্ৰ সন্থাৰ বিষয়ববীয়াই ।

প্ৰণৱ কুমাৰ গগৈৰ মুক্তিৰ দাবী টাই আহোম ছাত্ৰ সন্থাৰ

সমান্তৰালকৈ ডেৰ মাহৰো অধিক সময় ধৰি অপহৃত হৈ থকা অসম সন্তানৰ মুকলিৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰা অসম চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষকো তীব্ৰ ভাষাৰে গৰিহণা দিয়ে সংগঠনটোৰ টিংখাং আঞ্চলিক সমিতিয়ে ।

লগতে পঢ়ক: পেলনীয়া প্লাষ্টিকৰ বটলেৰে নিৰ্মিত ৰাজহুৱা শৌচাগাৰ

Last Updated : Feb 16, 2021, 2:58 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.