মৰাণ, 13 ছেপ্তেম্বৰ : ‘‘মিডিয়াত মই ৰাইজৰ দলৰ নামটো শুনো ৷ অখিল গগৈ ডাঙৰীয়াৰ ৰাইজৰ দলটো এটা ৰাজনৈতিক দল নহয় ৷ বৰং এইটো এটা নিৰ্দলীয়হে ৷ য’ত নিৰ্বাচন আয়োগে স্বীকৃতি দিয়াই নাই, সেয়া কেনেকৈ ৰাজনৈতিক দল হ’ব পাৰে’’ ৷
দেওবাৰে বিধায়ক অখিল গগৈ(Akhil Gogoi) আৰু তেওঁৰ নেতৃত্বাধীন ৰাইজৰ দলৰ(Raijor Dal) এইদৰে সমালোচনা কৰে থাওৰা সমষ্টিৰ(Thowra Constituency) বিজেপি দলৰ টিকট প্ৰত্যাশী তথা প্ৰাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহায়ে(Sushanta Borgohain) ৷ উপ নিৰ্বাচনৰ(By Election) পূৰ্বে এতিয়া ৰাজ্যৰ ৰাজনৈতিক নেতাসমূহৰ মাজত চলিছে বোকা ছটিওৱাৰ ৰাজনীতি ৷
উজনি অসমৰ থাওৰা সমষ্টিতো(Thowra Constituency) এতিয়া বলিছে উপ নিৰ্বাচনৰ(By Election) গৰম বতাহ । বিধায়ক অখিল গগৈৰ(Akhil Gogoi) নেতৃত্বত ৰাইজৰ দলে(Raijor Dal) থাওৰাৰ উপ নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰাৰ লেখীয়াকৈ শাসকীয় দল বিজেপিয়েও আৰম্ভ কৰিছে নিৰ্বাচনকেন্দ্ৰিক কাম-কাজ ।
লগতে পঢ়ক: থাওৰাত এককভাৱে প্ৰতিদ্বন্দিতা আগবঢ়াব ৰাইজৰ দলে: অখিল গগৈ
উপ নিৰ্বাচনৰ পূৰ্বে দেওবাৰে ইতিহাস সৃষ্টি কৰি থাওৰাত একেদিনাই চৈধ্যটাকৈ পথৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই(Pijush Hazarika) । ইয়াৰ পাচতে সাংবাদিকৰ আগত মুখামুখি হৈ টিকট প্ৰত্যাশী সুশান্ত বৰগোঁহায়ে বিধায়ক অখিল গগৈক সমালোচনা কৰি কয় যে, থাওৰাত ৰাইজৰ দল কেতিয়াও ফেক্টৰ হ’ব নোৱাৰে । অখিল গগৈয়ে নিৰ্দলীয় বিধায়কহৈও অসমৰ মুখ্যমন্ত্ৰী হ’ব বিচাৰে ৷
লগতে তেওঁ কয় যে, তেওঁ থাওৰা সমষ্টিৰ ৰাইজৰ সমস্যা বুজি পোৱা এগৰাকী বিধায়ক হ’ব বিচাৰে ৷ ৰাইজৰ দলৰ বাবে থাওৰাত বিজেপি যে চিন্তিত সেই কথাৰ পৰা প্ৰায় নিশ্চিত হৈ উঠিছে । গতিকে ৰাইজে কাৰ পক্ষত ৰায় দিব, সেয়া সময়তহে পৰিলক্ষিত হ’ব ৷
লগতে পঢ়ক: নিমাতীঘাটৰ দুৰ্ঘটনাস্থলী পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ