মৰাণ, 24 মে’ : সোমবাৰে ডিব্ৰুগড়ত আনলাৰ দুই কেডাৰৰ আত্মসমৰ্পণ (Cadre of ANLA surrendered in Dibrugarh)। ডিব্ৰুগড় আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ দুই কৰে আদিবাসী বিদ্ৰোহী সংগঠনৰ দুই নেতাই (Adivasi national liberation army) । আত্মসৰ্পণ কৰা দুই কেডাৰ ক্ৰমে গোলাঘাট ৰঙাপাৰাৰ দীপক গোৱালা আৰু ৰাজ সাহানি বুলি জানিব পৰা গৈছে ৷
ডিব্ৰুগড় আৰক্ষীয়ে সদৰি কৰা মতে, ভাৰতীয় সেনাৰ ১৮ গাৰ্ডৱাল আৰু চিআৰপিএফৰ ১৭১ বেটালিয়নৰ জৰিয়তে গোলাঘাট ৰঙাপাৰাৰ দীপক গোৱালা আৰু ৰাজ সাহানিয়ে ডিব্ৰুগড় জিলাৰ আৰক্ষী অধীক্ষক শ্বেতাংক মিশ্ৰৰ উপস্থিতিত আত্মসমৰ্পণ কৰে ।আত্মসমৰ্পণৰ সময়ত এটা সক্ৰিয় গুলীসহ এটা ৭.৬৫ পিষ্টল, ৬ জাই সক্ৰিয় গুলীসহ এটা .২২ পিষ্টল আৰু তিনিটা এ কে ৪৭ ৰ সক্ৰিয় গুলী জমা দিছে দুই কেডাৰে ।
ইয়াৰ পিছতে ডিব্ৰুগড় আৰক্ষীয়ে সোমবাৰে দুই আনলা কেডাৰৰ স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰে ৷ বৰ্তমানেও ডিব্ৰুগড় আৰক্ষীৰ জিম্মাতে আছে আত্মসমৰ্পণকাৰী কেডাৰ দুজন ৷ ডিব্ৰুগড় আৰক্ষীয়ে দুয়োকে নিজৰ জিম্মাতে ৰাখি সোধ-পোচ অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক : ডিব্ৰুগড়ত অস্ত্ৰশস্ত্ৰসহ আত্মসমৰ্পণ আনলাৰ দুই দুৰ্ধৰ্ষ কেডাৰৰ