ETV Bharat / state

য়েছে দৰজে ঠংচিলৈ 2020 বৰ্ষৰ চ্যুকাফা বঁটা

author img

By

Published : Nov 28, 2020, 1:18 PM IST

Updated : Nov 28, 2020, 1:27 PM IST

ঔপন্যাসিক য়েছে দৰজে ঠংচিলৈ 2020 বৰ্ষৰ চ্যুকাফা বঁটা ঘোষণা ৰাজ্য চৰকাৰৰ ৷ মৰাণৰ ধেমেচিত অনুষ্ঠিত হ'ব লগীয়া অসম দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বঁটা প্ৰদান কৰিব ৷

য়েছে দৰজে ঠংচিলৈ 2020 বৰ্ষৰ চ্যুকাফা বঁটা
য়েছে দৰজে ঠংচিলৈ 2020 বৰ্ষৰ চ্যুকাফা বঁটা

মৰাণ,28 নৱেম্বৰ: ঘোষণা কৰা হ'ল 2020 ৰ বৰ্ষৰ চ্যুকাফা বঁটা ৷ জনপ্ৰিয় ঔপন্যাসিক য়েছে দৰজে ঠংচিক প্ৰদান কৰা হ'ব 2020 বৰ্ষৰ চ্যুকাফা বঁটা ৷ এই ঘোষণা ৰাজ্য চৰকাৰৰ ৷ 2 ডিচেম্বৰ তাৰিখে ডিব্ৰুগড় জিলাৰ মৰাণৰ ধেমেচিত অনষ্ঠিত হ'ব লগীয়া অসম দিৱসত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঠংচিক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

অসম দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰদান কৰিব এই বঁটা

মৰাণৰ ধেমিচি উচ্চ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় আৰু ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত অনষ্ঠিত হ'ব লগীয়া অসম দিৱস (চ্যু-কা-ফা দিৱস)ত বিশিষ্ট সাহিত্য গৰাকীক মুখ্যামন্ত্ৰীয়ে এই বঁটা প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ৷

উক্ত অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে ৰাজ্যৰ সাংস্কৃতিক মন্ত্ৰী নৱ কুমাৰ দলে,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ,মৰাণ বিধায়ক চক্ৰধৰ গগৈৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তি সকল উপস্থিত থাকিব বুলি জানিবলৈ পোৱা গৈছে ৷

উল্লেখ্য যে জন্মসূত্ৰে অৰুণাচলৰ তথা চেৰদুকপেন সম্প্ৰদায়ৰ পৰিয়ালত জন্ম লাভ কৰা ঠংচিয়ে অসমীয়া ভাষা সাহিত্যৰ ভঁৰালটো তেখেতৰ কেউবাখনো মূল্যবান গ্ৰন্থেৰে সমৃদ্ধ কৰি থৈছে ৷ সাহিত্য আৰু শিল্প ক্ষেত্ৰত থকা তেওঁৰ অৱদানৰ বাবেই পদ্মশ্ৰী সন্মানেৰে বিভূষিত ঠংচিয়ে তেওঁৰ মৌন ওঁঠ মুখৰ হৃদয় শীৰ্ষক উপন্যাসৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ৷ অৰুণাচলৰ প্ৰশাসনিক সেৱাত সেৱা আগবঢ়োৱা ঠংচিয়ে অসমীয়া ভাষাত লিখা অন্যান্য গ্ৰন্থসমূহ হ'ল শৱ কটা মানুহ,মিছিং,পাপৰ পুখুৰী,বাঁহ ফুলৰ গোন্ধ ইত্যাদি ৷

লগতে পঢ়ক: ন ৰূপেৰে পৰ্যটকক আদৰিবলৈ সাজু আলোকঝাৰি বনাঞ্চল

Last Updated : Nov 28, 2020, 1:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.