ETV Bharat / state

চিৰদিনৰ বাবে হেৰাই গ'ল সুব্ৰতা !

23 ছেপ্টেম্বৰ তাৰিখে পুৱা ডিমৌত সংঘটিত হোৱা ভয়ংকৰ পথ দুঘৰ্টনাটোত নিহত হৈছিল ন জনকৈ যাত্ৰী ৷ তাৰ মাজতেই আছিল ডিব্ৰুগড়ৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰী শুভ্ৰতা বৰা ৷ ডিব্ৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ চন্দ্ৰগুপ্ত বৰা আৰু সহযোগী অধ্যাপিকা ৰূপজ্যোতি বৰাৰ কন্যা আছিল শুভ্ৰতা ৷

author img

By

Published : Sep 24, 2019, 8:25 PM IST

Updated : Sep 25, 2019, 11:52 AM IST

ডিমৌত সংঘটিত ভয়ংকৰ পথ দুঘৰ্টনা

ডিব্ৰুগড়,মাজুলী, 24 ছেপ্টেম্বৰ : ডিমৌ পথ দুৰ্ঘটনাই অকালতে শেষ কৰি পেলালে প্ৰজ্ঞাৰ এগছি বন্তি ৷ 23 ছেপ্টেম্বৰ তাৰিখে পুৱা ডিমৌত সংঘটিত হোৱা ভয়ংকৰ পথ দুঘৰ্টনাটোত নিহত হৈছিল ন জনকৈ যাত্ৰী ৷ তাৰ মাজতেই আছিল ডিব্ৰুগড়ৰ এগৰাকী প্ৰতিভাৱান ছাত্ৰী সুব্ৰতা বৰা ৷ ডিব্ৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ চন্দ্ৰগুপ্ত বৰা আৰু সহযোগী অধ্যাপিকা ৰূপজ্যোতি বৰাৰ কন্যা আছিল সুব্ৰতা ৷

সুব্ৰতা বৰাৰ পিতৃৰ ভাষ্য

অতি মেধাৱী ছাত্ৰী সুব্ৰতাই যোৰহাট কৃষি বিশ্ববিদ্যালয়ৰ পৰাই সফলতাৰে স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰি আৰম্ভ কৰিছিল গৱেষণা ৷ যোৱা 17 ছেপ্টেম্বৰত স্পেইনৰ ভেলেনচিয়াত এখন ছেমিনাৰত অংশ লৈ উলটি আহিছিল সুব্ৰতা ৷ তাৰ পাঁচটা দিনৰ পাচতেই পুৱাই যোৰহাটলৈ বুলি ওলাইছিল সুব্ৰতা ৷ দেউতাকে বাছ আস্থানলৈকে আগবঢ়াই দিছিল ছাত্ৰীগৰাকীক ৷ দেউতাকক বিদায় জনাই 7.15 বজাত যোৰহাট অভিমুখে ৰাওনা হৈছিল সুব্ৰতা ৷

পুৱা 8.45 মিনিটত সুব্ৰতাৰ দেউতাকৰ মহাবিদ্যালয়ৰ অধ্যক্ষলৈ ফোন আহিল শিৱসাগৰ জিলা প্ৰশাসনৰ ৷ জনোৱা হ'ল ডিমৌত হোৱা এটা পথ দুৰ্ঘটনাত পতিত হৈছে সুব্ৰতা ৷ খবৰ পায়েই পিতৃ-মাতৃ দুয়ো ৰাওনা হৈছিল ঘটনাস্থলীলৈ ৷ কিন্তু আধাবাটতে আহিল সেই দুঃখবৰটো ৷ তেওঁলোকৰ মৰমৰ কন্যা সুব্ৰতা আৰু নাই ৷ হাঁহি মুখেৰে ঘৰৰ পৰা ওলাই যোৱা সুব্ৰতা উলটি আহিল এটি নিথৰ দেহ হৈ ৷ মেধাৱী ছাত্ৰীগৰাকীৰ অকাল বিয়োগে ম্ৰিয়মান কৰি তুলিছে অঞ্চলবাসীক ৷

পূৰ্ণকান্ত শৰ্মাৰ পত্নীৰ ভাষ্য

সৰুৰে পৰাই অতিকৈ বিনম্ৰ,অমায়িক আৰু নিৰ্জু স্বভাৱৰ আছিল সুব্ৰতা ৷ পিচে সুব্ৰতা বিহীন ঘৰখনত এতিয়া কাঁহ পৰি জীণ যোৱা পৰিৱেশ ৷ ওচৰ-চুবুৰীয়া অথবা আত্মীয়সকলেও যেন দুৰ্ভগীয়া সুব্ৰতাৰ পিতৃ-মাতৃক শান্তনা দিয়াৰ বাহিৰে একোৱেই কৰিব পৰা নাই ৷

আনহাতে, এই দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লয় মাজুলীৰ পূৰ্ণকান্ত শৰ্মা নামৰ এজন লোকেও ৷ চকু চিকিৎসা কৰাবলৈ আহি দুৰ্ঘটনাত পতিত হয় লোকজন ৷ ইহ সংসাৰত পূৰ্ণকান্ত শৰ্মাই এৰি যায় পত্নীৰ লগতে এগৰাকী জীয়ৰী ৷ মাজুলীৰ দক্ষিণপাট কলিতা গাঁৱত সোমবাৰে নিশাই সৎকাৰ কৰা হয় শৰ্মাৰ নশ্বৰ দেহ ৷ এইদৰে হঠাৎ পূৰ্ণকান্ত শৰ্মাৰ মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷

Intro:
এক মেধাসম্পন্ন প্ৰতিভাৰ অকাল মৃত্যু।নিয়তীয়ে হঠাতে কাঢ়ি নিলে এক সুবিশাল প্ৰতিভাক।শিৱসাগৰৰ ডিমৌত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হোৱা ন গৰাকী যাত্ৰীৰ মাজৰে এগৰাকী আছিল ডিব্ৰুগড়ৰ শুভ্ৰতা বৰা ।যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰী গৰাকীৰ অকাল মৃত্যুত ডিব্ৰুগড়ত গভীৰ শোকৰ ছাঁ পেলাইছে।ডিব্ৰুগড়ৰ ডিব্ৰু মহাবিদ্যালয়ৰ উপাধ্যক্ষ চন্দ্ৰগুপ্ত বৰা আৰু সহযোগী অধ্যাপিকা ৰূপজ্যোতি বৰাৰ কন্যা শুভ্ৰতা বৰা(২৬) দুৰ্ঘটনাটোত ঘটনাস্থলীতে নিহত হয়।অতি মেধাবী ছাত্ৰী গৰাকীয়ে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি সম্প্ৰতি গৱেষণা কৰি আছিল।ইতিমধ্যে তেওঁ থাইলেণ্ড আৰু স্পেইনত অনুস্থিত দুখনকৈ আন্তঃৰাষ্ট্ৰীয় চেমিনাৰত অংশগ্ৰহণ কৰি গৱেষণা পত্ৰ উপস্থাপন কৰিছিল।যোৱা ১৭ ছেপ্টেম্বৰৰ দিনা শুভ্রতাই স্পেইনৰ পৰা চেমিনাৰত অংশগ্ৰহণ কৰি নিজ গৃহ পাইছিলহি।তাৰপিছত মাত্ৰ পাঁচটা দিন পৰিয়ালৰ লগত কটাই শুভ্ৰতাই কালি পুৱাই মিলন নগৰৰ 'নিজৰ ঘৰৰ পৰা পিতৃৰ সতে উলাই গৈছিল যোৰহাটলৈ ।নিয়তিৰ পৰিহাস দেউতাকে তুলি দিয়া বছখনত ভৰি দিওঁ নামি আহিল শুভ্ৰতা আৰু উঠিল সেই অভিশপ্ত ট্ৰেভেলাৰ খনত।ট্ৰেভেলাৰ খনত উঠিয়েই দেউতাকক হাত জোকাৰি বিদায় জনালে।পুৱা 7:15ত ডিব্ৰুগড়ৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল ট্ৰেভেলাৰ খনে আৰু8:45ত পিতৃয়ে খবৰ পাইছিল দুৰ্ঘটনাটোৰ কথা।শুভ্ৰতালৈ কেইবাবৰু ফোন কৰিও সঁহাৰি পোৱা নাছিল পিতৃ মাতৃয়ে।কঁপি উঠিছিল তেওঁলোকৰ বুকু।তেনেতে পিতৃৰ কলেজৰ অধ্যক্ষলৈ শিৱসাগৰ জিলা প্ৰশাসনৰ পৰা ফোন আহিল আৰু শুভ্ৰতাৰ পিতৃক জনোৱা হল তেওঁৰ কন্যা দুৰ্ঘটনাত পতিত হৈছে আৰু তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হৈছে।খবৰ পাই পিতৃ মাতৃ দুয়ো ৰাওনা হল ঘটনাস্থলীলৈ যদিও ঘটনাস্থলী পোৱাৰ পূৰ্বেই খবৰ আহিল তেওঁলোকৰ মৰমৰ কন্যা আৰু নাই।যোৰহাট পায়েই ফোন কৰিব কোৱা শুভ্ৰতাৰ কিন্তু ফোন আৰু নাহিল আহিল এটি নিঠৰ দেহ হৈ ঘৰলৈ।সৰুৰে পৰা অতি অমায়িক,বিনম্ৰ আৰু নিৰ্জু স্বভাৱৰ ছাত্ৰী সুব্ৰতাই ডিব্ৰুগড়ৰ লিটিল ফ্লাৱাৰ স্কুলৰ পৰা সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষত উত্তীৰ্ণহৈ চল্ট ব্ৰুক একাডেমীৰ পৰা হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত সুনাম কঢ়িয়াই অসম কৃষি বিশ্ববিদ্যালয়ত নাম ভৰ্তি কৰে।উক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ পৰীক্ষাত উৰ্তীণ হৈ বৰ্তমানে পি এইচ ডি কৰি আছিল। চলিত বছৰত বেংককত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰত অংশ গ্ৰহন কৰি নিজ গবেষণা পত্ৰ উপস্থাপনৰে ভূয়সী প্ৰসংসা বুটলিবলৈ সক্ষম হৈছিল।
যোৱা ৮ চেপ্তেম্বৰৰ পৰা স্পেইনৰ ভেলেনচিয়াত অনুষ্ঠিত এখন আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ চেমিনাৰত অংশ গ্ৰহন কৰি ২২ছেপ্টেম্বৰত আহিছিল হে ডিব্ৰুগড় লৈ। শুভ্ৰতাৰ মৃত্যুৰ খবৰপাই কালিৰে পৰা ছাত্ৰী গৰাকীৰ বাসগৃহত অজস্ৰ লোকৰ সমাগম হয়।কৃষি বিশ্ববিদ্যালয়ৰ শিক্ষকৰ লগতে ভালে সংখ্যক ছাত-ছাত্ৰী নিশাৰ ভাগত শুব্ৰতাৰ বাসগৃহত উপস্থিত হৈ শোকত ভাগি পৰে।শুব্ৰতাৰ সেই ঘৰখনত এতিয়া কাহ পৰি জীন যোৱা অৱস্থা।আজিও তেওঁলোকৰ গৃহত অনেক লোকৰ সমাগমহৈ দুৰ্ভগীয়া পিতৃ মাতৃক সান্তনা দিয়াৰ লগতে সমবেদনা জনায়।
Byte 1 পিতৃ 2 আত্মীয়Body:DoConclusion:Do
Last Updated : Sep 25, 2019, 11:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.