ETV Bharat / state

Students were seen busy growing paddy: আঘোণৰ সোণোৱালী পথাৰত হাতত কাঁ‌চি লৈ দাৱনীৰ ৰূপত এদল ছাত্ৰী

মৰাণৰ কুটুহাত আঘোণৰ সোণোৱালী পথাৰত হাতত কাঁ‌চি লৈ দাৱনীৰ ৰূপত এদল ছাত্ৰী ৷ ছাত্ৰীসকলক দেখি কাঁ‌চি লৈ ধান কাটিলে ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকেও ৷ হাতত পকা ধানৰ মুঠি লৈ শতাধিক ছাত্ৰীয়ে গীত আৰু নাচেৰে জীপাল কৰিলে ধাননি পথাৰ (Group of students busy in paddy fields during Autumn ) ৷

author img

By

Published : Nov 20, 2022, 1:09 PM IST

Group of students busy in paddy fields during Autumn season in Dibrugarh
আঘোনৰ সোণোৱালী পথাৰত হাতত কাঁ‌চি লৈ দাৱনীৰ ৰূপত এদল ছাত্ৰী

ডিব্ৰুগড়, 20 নৱেন্বৰ: আঘোণ । তিনিটা আখৰৰ এক মায়ালগা শব্দ ৷ আঘোণ মানেই কৃষকৰ আশা, আঘোণ মানেই লেছেৰি বুটলাৰ বতৰ, লখিমীক ভঁড়াললৈ আদৰাৰ সুমধুৰ ক্ষণ । আঘোণ মানেই যেন গাঁৱৰ কৃষিজীৱী ৰাইজৰ বাবে এক ব্যস্ততাপূৰ্ণ মাহ । আঘোণে যেন মায়া জানে । সোণগুটিৰ সৌন্দৰ্যই যেন উদং পথাৰৰ বুকু জুৰায় । এতিয়া সোণোৱালী হৈছে আঘোণৰ পথাৰখন ।

কৃষকৰ সেউজীয়া সপোনবোৰ দিঠক হোৱাৰ সময় এয়া । কঠীয়া পৰাৰ পৰা প্ৰায় তিনি মাহৰ কষ্টৰ অন্তত সোণোৱালী হয় গ্ৰাম্যঞ্চলৰ প্ৰতিখন পথাৰ । ব্যস্ততা বাঢ়ে গাঁৱৰ জীয়াৰী, বোৱাৰী আৰু পুৰুষসকলৰ । কুঁৱলীৰ আৱৰণ ফালি কাঁচিৰ কিচকিচনিত সোণগুটি ধানে দাৱনীৰ লাহি হাতত তোলে নাচোনৰ তাল । আলিত বহি চুপতি মাৰি খোৱা ৰবাব টেঙাইও দি যায় এক সুকীয়া আস্বাদন । সঁচাই, আঘোণে লৈ আহে কোমল কোমল অনুভূতিৰ স্বাদ ।

এইসকলোবোৰৰ মাজত মৰাণ সমষ্টিৰ কুটুহা অঞ্চলৰ সোণোৱালী পথাৰত দেখিবলৈ পোৱা গ’ল এক ব্যতিক্ৰমী দৃশ্য । দাৱনীৰ ৰূপত কুটুহা বীণাপাণি হাইস্কুলৰ এদল ছাত্ৰী । হাতত কাঁ‌চি লৈ অনায়াসে ধান কাটি গৈছে ছাত্ৰীসকলে । মাজে মাজে জুৰিছে গীতৰ কলি (Students were seen busy growing paddy)।

আঘোণৰ সোণোৱালী পথাৰত হাতত কাঁ‌চি লৈ দাৱনীৰ ৰূপত এদল ছাত্ৰী

ৰবাব টেঙাৰো জুতি লৈছে ছাত্ৰীসকলে (Group of students busy in paddy fields) ৷ ছাত্ৰীসকলৰ লগতে বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলেও কাটিছে ধান । ছাত্ৰীসকলৰ ধানকটা দৃশ্য চাবলৈ পথাৰত উপস্থিত হ’ল ডিব্ৰুগড় জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰী (Dibrugarh Inspector Of Schools Dipika Choudhury)।

পৰিদৰ্শকগৰাকীয়েও হাতত কাঁ‌চি লৈ ছাত্ৰীসকলৰ সৈতে কাটিলে ধান । পথাৰখন ভৰি পৰিল শতাধিক লোকে । কৃষি কৰ্মৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলক পৰিচয় কৰি দিয়াৰ বাবেই এই পদক্ষেপ লৈছে বিদ্যালয়খনে । বিদ্যালয়খনৰ নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰীসকলক ধান কটা প্ৰণালী শিকাবৰ বাবে আৰু কৃষকসকলে কিমান কষ্টৰে কৃষি কৰ্ম কৰে, সেয়া ছাত্ৰ-ছাত্ৰীসকলক বুজাবৰ বাবেই এই প্ৰচেষ্টা লোৱা হৈছে বুলি জানিবলৈ দিয়ে প্ৰধান শিক্ষক লোহিত কুমাৰ গগৈয়ে ।

লগতে পঢ়ক: Students Busy in Paddy Field : আঘোণৰ সোণবৰণীয়া ধাননি পথাৰত দাৱনীৰ ৰূপত ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.