ETV Bharat / state

Students busy harvesting paddy: কৃষক আৰু দাৱনীৰ ৰূপত এখন বিদ্যালয়ৰ শিক্ষাৰ্থী

author img

By

Published : Nov 26, 2022, 6:26 PM IST

মৰাণৰ বাল্য বিকাশ বিদ্যালয়ৰ আদৰণীয় পদক্ষেপ (Good step of Balya Vikash Vidyalaya)। শিক্ষাৰ্থীসকলক এটা দিনৰ বাবে পথাৰৰ আমেজ দিয়াৰ প্ৰয়াস বিদ্যালয় কৰ্তৃপক্ষৰ । শিক্ষাৰ্থীসকলে ধান কাটিছে, ডাঙৰি বান্ধিছে আৰু পথাৰতে ৰবাব টেঙাৰ জুতি লৈছে ।

moran
কৃষক আৰু দাৱনীৰ ৰূপত এখন বিদ্যালয়ৰ শিক্ষাৰ্থী

মৰাণ,২৬ নৱেম্বৰ : এতিয়া আঘোণৰ পথাৰত সোণগুটি চপোৱাৰ সময় । গাঁৱৰ কৃষক, দাৱনী সকলো ব্যস্ত পথাৰত । হাঁহিমুখে লখিমীক আদৰিছে সকলোৱে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ মৰাণৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী পদক্ষেপ ।

শিক্ষাৰ্থীসকলৰ সন্মুখত আঘোণৰ পথাৰৰ বাস্তৱ ছবিখন দাঙি ধৰাৰ প্ৰয়াস কৰিছে বিদ্যালয়খনে । যাৰ বাবে সকলো শিক্ষাৰ্থীক লগত লৈ পথাৰত নামিছে শিক্ষক-শিক্ষয়িত্ৰী আৰু অভিভাৱকসকল । ধান কেনেকৈ কাটে, ডাঙৰি কেনেকৈ বান্ধে, ধানৰ ডাঙৰি কেনেকৈ কঢ়িয়াই, টঙালি কেনেকৈ প্ৰস্তুত কৰে সকলোবোৰ দেখুৱাই দিয়া হৈছে । লগতে শিক্ষাৰ্থীসকলকো এই কাম কৰিবলৈ দিয়া হৈছে । একপ্ৰকাৰ শিক্ষাৰ্থীসকলক ব্যৱহাৰিক শিক্ষা দিয়াৰ চেষ্টা কৰা হৈছে ।

যাৰ বাবে শনিবাৰৰ দিনটোত মৰাণৰ ডোমৰদলং বাল্য বিকাশ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ মাজত আনন্দ উল্লাসে বিৰাজ কৰে (Exceptional initiative of Balya Vikash Vidyalaya)। ছাত্ৰীসকলে হাতত তুলি লৈছে ডঁৰীয়া কাঁচি আৰু সোণগুটিৰ মুঠি (Students of a school are seen as farmers)। সমান্তৰালকৈ ছাত্ৰসকলো ব্যস্ত ধানৰ মুঠি একগোট কৰি কান্ধত ডাঙৰি লৈ ধান চপোৱাত । ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰিছে অভিভাৱকসকলে । কেৱল এয়াই নহয়, পথাৰৰ বাস্তৱ পৰিৱেশৰ সৈতে চিনাকী কৰাই দিয়াৰ উদ্দেশ্যে সকলোৱে একেলগে ৰবাব টেঙাৰ জুতি লৈছে । ইফালে সকলোৱে মিলি পথাৰতে লগে ভাগে এসাজ খাইছে ।

শিক্ষাৰ্থীসকলে যাতে চহা খেতিয়কৰ জীৱনৰ এক বাস্তৱ অভিজ্ঞতা লাভ কৰিব পাৰে তাৰ বাবেই বিদ্যালয়খনৰ অধ্যক্ষ ড৹ স্বপন চুতীয়াই লৈছে এই ব্যতিক্ৰমী পদক্ষেপ । বিদ্যালয় কৰ্তৃপক্ষৰ এই পদক্ষেপত যথেষ্ট আনন্দিত শিক্ষাৰ্থী আৰু অভিভাৱকসকল । সমান্তৰালকৈ চৰকাৰ তথা শিক্ষা বিভাগলৈও অভিভাৱকসকলে আহ্বান জনাইছে যাতে চৰকাৰী শিক্ষানুষ্ঠানসমূহেও আনুষ্ঠানিক শিক্ষাৰ বাহিৰেও এই ধৰণে শিক্ষাৰ্থীসকলক ব্যৱহাৰিক শিক্ষা প্ৰদান কৰে ।

বিদ্যালয়খনৰ এনে পদক্ষেপক আদৰণি জনাইছে অঞ্চলটোৰ ৰাইজেও । বিদ্যালয়ৰ চাৰিবেৰৰ মাজত আবদ্ধ কৰি শিক্ষাদান কৰাৰ উপৰিও এনেদৰে পথাৰলৈ লৈ আহি শিক্ষাৰ্থীসকলক বাস্তৱ জীৱনৰ সৈতে চিনাকী কৰাই দিয়াৰ বাবে বিদ্যালয় কৰ্তৃপক্ষক অভিনন্দন জনাইছে ৰাইজে ।

লগতে পঢ়ক :Masters Athletics Championship 2022: ৮ ডিচেম্বৰৰ পৰা বোকাখাতত সদৌ অসম মাষ্টাৰ্চ এথলেটিকচ প্ৰতিযোগিতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.