ETV Bharat / state

61 খন পতাকা উত্তোলনেৰে আৰম্ভ মৰাণ মহাবিদ্যালয়ৰ ন-পুৰণি শিক্ষাৰ্থী সন্মিলন

author img

By

Published : Sep 3, 2022, 8:51 PM IST

শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় মৰাণ মহাবিদ্যালয়ৰ ন-পুৰণি শিক্ষাৰ্থী সন্মিলন (Student meet program begins at Moran college) ৷ শনিবাৰে 61 খন পতাকা উত্তোলনেৰে আৰম্ভ কৰা হয় এই সন্মিলন ৷

Moran college of Dibrugarh
61 খন পতাকা উত্তোলনেৰে আৰম্ভ মৰাণ মহাবিদ্যালয়ৰ ন পুৰণি শিক্ষাৰ্থী সন্মিলন

মৰাণ, 3 ছেপ্টেম্বৰ : উজনিৰ এখন আগশাৰীৰ মহাবিদ্যালয় হ’ল মৰাণ মহাবিদ্যালয় (Moran college of Dibrugarh)। শৈক্ষিক, ক্ৰীড়া আৰু সাংস্কৃতিক ক্ষেত্ৰখনত মৰাণ মহাবিদ্যালয়ে ৰাজ্যখনৰ ভিতৰতে এক সুকীয়া স্থান দখল কৰি আহিছে । ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ত আজি অৰ্থাৎ শনিবাৰৰ পৰা দুদিনীয়াকৈ আৰম্ভ হৈছে ন-পুৰণি শিক্ষাৰ্থী সন্মিলন (Student meet program begins at Moran college) ।

1964 চনৰ পৰা 2022 চনলৈকে মৰাণ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলক একেখন মঞ্চত থিয় কৰোৱাৰ মানসেৰে মহাবিদ্যালয়খনৰ ৰাজনীতি বিজ্ঞান বিভাগে অনুষ্ঠিত কৰিছে এই ন-পুৰণি শিক্ষাৰ্থী সন্মিলন । আজি পুৱা 61 খন পতাকা উত্তোলনেৰে আৰম্ভ হয় ইয়াৰ অনুষ্ঠান ।

সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা উত্তোলন কৰা হয় এই 61 খন পতাকা ।

ইয়াৰ পাচতে প্ৰতিষ্ঠাপক ব্যক্তি, শিক্ষক, কৰ্মচাৰীক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । আদৰণি তোৰণ উন্মোচন কৰে টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মিলন বৰগোহাঁয়ে । স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণৰ পিছতে বিয়লিলৈ অনুষ্ঠিত হয় ন-পুৰণি শিক্ষাৰ্থীৰ সমাৰোহ ।

ইফালে দেওবাৰে পুৱা সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী আৰম্ভ হ’ব ইয়াৰ কাৰ্যসূচী । ইয়াৰ পিছতে ন-পুৰণি শিক্ষাৰ্থীসকলৰ অন্তৰংগ আলাপ আৰু বিয়লিলৈ মুকলি সভা অনুষ্ঠিত হ’ব । মুকলি সভাত ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জানিবলৈ দিছে উদযাপন সমিতিয়ে ।

লগতে পঢ়ক : ঐতিহ্যমণ্ডিত মৰাণ মহাবিদ্যালয়ত ন-পুৰণি শিক্ষাৰ্থী সন্মিলন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.