মৰাণ, 28 ডিচেম্বৰঃ মৰাণৰ ৰাইদঙ্গীয়া তিনিআলিত ডাম্পাৰৰ খুন্দাত নিহত হয় এগৰাকী শিক্ষাৰ্থী ৷ লেঙেৰীৰ নাচনী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ তথা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰীক্ষাৰ্থী ঋতুপৰ্ণ বৰুৱাক তীব্ৰবেগী ডাম্পাৰে খুন্দা মৰাৰ থিতাতে নিহত হয় শিক্ষাৰ্থীগৰাকী ৷
মৰাণ নাহৰকটীয়া গড়কাপ্তানী পথৰ ৰাইদঙ্গীয়া তিনিআলিত দুৰ্ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰে AS 06 AC 8296 নম্বৰৰ পঞ্জীয়নযুক্ত ডাম্পাৰখনৰ চালকগৰাকীয়ে ৷ শিক্ষাৰ্থীগৰাকীয়ে চলাই যোৱা AS-06G-4883 নম্বৰৰ পঞ্জীয়নভুক্ত বাইকখনক খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷ ইতিমধ্যে মৰাণহাট আৰক্ষীয়ে শিক্ষাৰ্থীগৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷