তেজপুৰ, 28 নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত ‘বিকিৰণ’ নামৰ এটা সম্প্ৰদায়ভিত্তিক সংস্থাই শিশু শ্ৰমিকৰ বিৰুদ্ধে এক সজাগতা অভিযানৰ আয়োজন কৰিছে ৷ 19 নৱেম্বৰৰ পৰা আৰম্ভ হোৱা এই অভিযান 30 নৱেম্বৰলৈকে চলি থাকিব ।
শিশু শ্ৰমৰ বিষয়ে জনসাধাৰণৰ মাজত সজাগতা আৰু বুজাবুজি বৃদ্ধি কৰিবৰ বাবে, A SERIES OF AUDIENCE PARTICIPATORY ACT প্ৰথমে 26 নৱেম্বৰত H.S পথত আৰু 27 নৱেম্বৰত ডিব্ৰুগড় বৰবৰুৱাৰ চাহ বাগানত প্ৰদৰ্শন কৰা হয় (Street plays show in Dibrugarh) । এই বাটৰ নাটৰ একমাত্ৰ লক্ষ্য ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰা ৷
ইফালে 27 নৱেম্বৰৰ পুৱা প্ৰায় 11 বজাত বৰবৰুৱা চাহ বাগানৰ পৰা আৰম্ভ হোৱা এই বাটৰ নাট অনুষ্ঠানটোতৰ অন্তত দৰ্শকৰ সৈতে এক আলাপ আলোচনাৰ মাজেৰে সমাপ্ত কৰা হয় ৷ অনুষ্ঠানৰ শেষত ‘‘যদি আপুনি এশজনক খুৱাব নোৱাৰে, তেন্তে মাত্ৰ এজনক খুৱাওক’’ - মাদাৰ টেৰেছাৰ এই উক্তি অনুসৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলে বৰবৰুৱা চাহ বাগিচাৰ ল’ৰা-ছোৱালীৰ মাজত খাদ্য-সামগ্ৰীও বিতৰণ কৰে ।
উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বহু ছাত্ৰ-ছাত্ৰীৰ লগতে আজমী নাছৰিন ৰহমান, নিতুমা শৰ্মা, সন্দিপ্তা মজুমদাৰ, কৰবী গগৈ, কৌস্তৱ কাশ্যপ, মুন্নী কুমাৰী গুপ্তা, আদিত্য মিশ্ৰৰ নেতৃত্বত এই অভিযানটো আৰম্ভ হয় ৷ বাটৰ নাটৰ এই কাৰ্যসূচীত মুঠ 15 জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে ।
শিশু শ্ৰম হৈছে এক বৃদ্ধি পোৱা অপৰাধ ৷ যিয়ে সৰু ল’ৰা-ছোৱালীক শৈশৱ হেৰুৱাবলৈ বাধ্য কৰে ৷ এই অপৰাধৰ ফলত শিশুৰ শাৰীৰিক-মানসিক দিশৰ লগতে সামাজিক দিশটো ইয়য়াৰ প্ৰভাৱ পৰে ৷ সেয়ে এই সমাজৰ পৰা এই ব্যাধি বা অপৰাধ নিৰাময় কৰাৰ উদ্দেশ্যে সাংবাদিকতা আৰু গণ সংযোগ অধ্যয়ন কেন্দ্ৰৰ ছাত্ৰ-ছাত্ৰীয়ে গ্ৰহণ কৰিছে এই পদক্ষেপ ৷
লগতে পঢ়ক : Birth anniversary of Lachit Borphukan: লাচিত বৰফুকনৰ জন্ম জয়ন্তী উপলক্ষে মাজুলীত বাটৰ নাট প্ৰদৰ্শন