মৰাণ,24 জুন: ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব লৈ বিমল বৰাই বিভাগটো অধিক কাৰ্যক্ষম কৰিবলৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে । কিন্তু শক্তি মন্ত্ৰী জনে তৎপৰতা প্ৰদৰ্শন কৰাৰ সময়তে কিন্তু মন্ত্ৰীজনৰ গৃহ জিলাত বিদ্যুতৰ সুবিধাৰ পৰা বঞ্চিত হৈ দিন পাৰ কৰিছে ৰাইজে । ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিৰ খোৱাঙৰ ১০৮ নং গ্ৰান্টত বিদ্যুৎ বিভাগে তিনি বছৰ পূৰ্বেই বিদ্যুৎ খুঁটা পুতি, বিদ্যুৎৰ তাঁৰ লগাই কিন্তু আজি পৰ্যন্ত গাঁওখনৰ ৰাইজক বিদ্যুৎ যোগান নিদিলে বিদ্যুৎ বিভাগে।
কিন্তু বিদ্যুৎ বিভাগে বিদ্যুৎৰ খুঁটা পুতি বিদ্যুৎ যোগান নিদিয়াকৈ যোৱাটো বছৰতে দিছিল বিদ্যুৎৰ বিল । কিন্তু ক্ষোভিত ৰাইজে বিল গ্ৰহণ নকৰিলে বুলি জানিবলৈ দিছে । গাঁৱৰ প্ৰতি ঘৰতে বিভাগৰ ফালৰ পৰা বিদ্যুৎ মিটাৰ যোগান ধৰা হ'ল, কিন্তু আজি পৰ্যন্ত বিদ্যুৎ নোপোৱাত বিদ্যুৎ বিভাগৰ কৰ্ম কাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে । শক্তি মন্ত্ৰীৰ গৃহ জিলাত বিদ্যুৎ বিভাগৰ এনে কাণ্ডই সকলোকে আচৰিত কৰি তুলিছে । গাঁওখনত অতি সোনকালে বিদ্যুৎ যোগান ধৰিবলৈ আহ্বান জনাইছে ৰাইজে ।
আনহাতে ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই শপত গ্ৰহণ কৰা পাচৰে পৰা দুৰ্নীতি, অসামাজিক কাৰ্যকলাপ, নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে কঠোৰ হ’বলৈ আৰক্ষী, প্ৰশাসন আৰু বিভাগীয় মন্ত্ৰী সকলক নিৰ্দেশ প্ৰদান কৰিছে ৷ সেই সমূহৰ ভিতৰত ৰাজ্যৰ অন্যতম এটা গুৰুত্বপূৰ্ণ বিভাগ হ’ল শক্তি বিভাগ অৰ্থাৎ বিদ্যুৎ বিভাগ ৷ এই বিভাগটো দীৰ্ঘদিনৰ পৰা লোকচানৰ সন্মুখীন হৈ আহিছে বিভাগীয় গাফিলতিৰ ফলত ৷
সেয়েহে মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিয়েই শক্তি বিভাগৰ মন্ত্ৰী বিমল বৰাক কঠোৰ হৈ বিভাগটো পৰিচালনা কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা দেখিবলৈ পোৱা গৈছিল ৷ মন্ত্ৰী বিমল বৰাইও দায়িত্বভাৰ লৈয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যুৎ উৎপাদন কেন্দ্ৰৰ লগতে বিতৰণ কেন্দ্ৰ সমূহলৈ গৈ চৰজমিন তদন্ত কৰা পৰিলক্ষিত হৈছিল ৷ মুখ্যমন্ত্ৰী আৰু বিদ্যুৎ বিভাগৰ মন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতে বিভাগটোৰ বিষয়া কৰ্মচাৰী সকল তৎপৰ হৈ পৰা দেখিবলৈ পোৱা গৈছে ৷
লগতে পঢ়কঃ ঘৰে ঘৰে গৈ বিদ্যুৎ বিভাগে কৰ্তন কৰিছে অবৈধ বিদ্যুৎ সংযোগ