ETV Bharat / state

গেৰুৱা ডিব্ৰুগড়ত উপস্থিত মুখ্য়মন্ত্ৰী - Assam CM will attend official meeting

দিনজোৰা কাৰ্যসূচীৰে ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীতত বিজেপিৰ বিষয়ববীয়া সভা (State BJP official meeting at Dibrugarh)। সভালৈ আগমন হৈছে ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্রভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিসকলৰ । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও ইতিমধ্যে উপস্থিত হৈছে ডিব্ৰুগড়ত ।

BJP official meeting
ডিব্ৰুগড়লৈ আগমন বিজেপিৰ ৰথী মহাৰথীৰ
author img

By

Published : Jul 9, 2022, 2:00 PM IST

মৰাণ,৯ জুলাই : ডিব্ৰুগড়ৰ হোটেল গাৰ্ডেন ট্ৰীতত অনুষ্ঠিত হৈছে অসম প্ৰদেশ বিজেপিৰ বিষয়ববীয়া সভা (State BJP official meeting at Dibrugarh)। দিনজোৰা এই সভাক লৈ দলৰ নেতা-কৰ্মীৰ মাজত বিশেষ তৎপৰতা দেখিবলৈ পোৱা গৈছে । মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত এই সভাত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা হ'ব । ইতিমধ্যে সভালৈ ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলাৰ সভাপতি, জিলা প্ৰভাৰী, সহ-প্রভাৰী আৰু ৰাজ্যিক মৰ্চাৰ সভাপতিসকলৰ আগমন হৈছে ।

ডিব্ৰুগড়লৈ আগমন বিজেপিৰ ৰথী মহাৰথীৰ

সভাৰ বাবে ডিব্ৰুগড়ৰ বিজেপি নেতা-কৰ্মীসকলৰো বিশেষ ব্যস্ততা দেখিবলৈ পোৱা গৈছে । বিজেপিৰ বিষয়ববীয়াৰ সভাখনক লৈ একপ্ৰকাৰ গেৰুৱাময় হৈ পৰিছে চহৰখনৰ মূল বাট-পথ । দিল্লীৰ পৰা বাহিৰে বাহিৰে আহি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাও ইতিমধ্যে উপস্থিত হৈছে ডিব্ৰুগড়ত ।

উল্লেখ্য যে হায়দৰাবাদত শেহতীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক সভাৰ পাছত এই সভা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে । কিয়নো ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত গ্ৰহণ কৰা বিভিন্ন সিদ্ধান্ত সম্পৰ্কে এই বৈঠকত আলোচনা কৰা হ'ব । ইয়াৰোপৰি দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবে বিভিন্ন কাৰ্যপন্থা হাতত লোৱা হ'ব ।

জানিব পৰা মতে বিষয়ববীয়া সভাৰ লগত সংগতি ৰাখি ডিব্ৰুগড় আৰু লাহোৱাল বিধানসভা সমষ্টিৰ মুঠ ৯০ টা বুথ কেন্দ্ৰত 'বুথ সভা' অনুষ্ঠিত হ'ব । ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ লগতে সভাত উপস্থিত থকা ৰাজ্যিক বিষয়ববীয়াসকল, জিলা সভাপতিসকল আৰু জিলা প্রভাৰী, সহ প্রভাৰীসকলে প্ৰতিটো বুথলৈ গৈ বুথ সভাত অংশগ্রহণ কৰিব ।

লগতে পঢ়ক :আজি ডিব্ৰুগড়ত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়া সভা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.