ETV Bharat / state

টিংখাঙত গুৰু-শিষ্যৰ মধুৰ সম্পৰ্কৰ অন্যতম নিদৰ্শন

কাইলৈ মাঘ বিহুৰ উৰুকা (Magh Bihu)। সকলো ভোগালীক আদৰাত ব্যস্ত থকাৰ সময়তে টিংখাঙত গুৰুক একাংশ শিষ্যৰ বিশেষ উপহাৰ । গীত-নৃত্যৰ মাজেৰে শিক্ষকৰ সৈতে আনন্দৰ মুহূৰ্ত পাৰ কৰিলে একাংশ শিক্ষাৰ্থীয়ে ।

author img

By ETV Bharat Assamese Team

Published : Jan 13, 2024, 7:41 PM IST

Special program of teacher and students
টিংখাঙত গুৰু-শিষ্যৰ মধুৰ সম্পৰ্কৰ অন্যতম নিদৰ্শন
টিংখাঙত গুৰু-শিষ্যৰ মধুৰ সম্পৰ্কৰ অন্যতম নিদৰ্শন

টিংখাং,১৩ জানুৱাৰী : মাঘ বিহুক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলিছে । সকলোৱে ভোগালীক আদৰাত ব্যস্ত হৈ পৰিছে । এনে এক সময়তে ডিব্ৰুগড়ৰ টিংখাঙত এক ব্যতিক্ৰমী দৃশ্য দেখা গ'ল । প্ৰিয় শিক্ষকগৰাকীৰ বাবে শিক্ষাৰ্থী আৰু অভিভাৱকসকলে আয়োজন কৰিলে প্ৰাক-ভোগালীৰ বিশেষ অনুষ্ঠান । শিক্ষক আৰু শিক্ষাৰ্থীৰ মধুৰ সম্পৰ্কৰ সাক্ষী হৈ ৰ'ল টিংখাংবাসী ।

একাংশ শিক্ষাৰ্থীয়ে প্ৰিয় শিক্ষক আনিছ ৰহমানৰ সৈতে ভোগালীৰ প্ৰাকক্ষণত সুন্দৰ মুহূৰ্ত উদযাপন কৰিলে । অনুষ্ঠানটোৰ নাম দিয়া হ'ল "আনিছ ছাৰৰ পৃথিৱীত গীতে- মাতে অন্তৰংগ আলাপ ।" কণ কণ ছাত্ৰ-ছাত্ৰীৰ নৃত্য-গীতেৰে জীপাল হৈ পৰে অনুষ্ঠানটো ।

উল্লেখ্য যে টিংখাং ৰাজগড়ৰ এগৰাকী সৰবৰাহী ব্যক্তি তথা শিক্ষক আনিছ ৰহমানে দীৰ্ঘদিন ধৰি অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক ঘৰুৱা শিক্ষক হিচাপে বিদ্যায়তনিক দিশত সেৱা আগবঢ়াই আছে । ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশত উত্তৰণৰ বাবেও আনিছ ৰহমানে বিশেষ ভূমিকা পালন কৰি আহিছে । যাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে তেওঁৰ সম্পৰ্ক আকৰ্ষণীয় ।

শিক্ষাৰ্থীসকলৰ বাবে আনিছ ৰহমান যিমানে শ্ৰদ্ধাৰ তেনেদৰে আনিছ ৰহমানৰ বাবেও শিক্ষাৰ্থীসকল অতি মৰমৰ । এই মধুৰ সম্পৰ্কৰ বাবেই ভোগালীৰ প্ৰাকক্ষণত আনন্দৰ মাজেৰে প্ৰিয় শিক্ষকগৰাকীৰ উমাল পৰশত কিছু মুহূৰ্ত অতিবাহিত কৰিলে শিক্ষাৰ্থীসকলে । প্ৰিয় শিক্ষকগৰাকীক গামোচাৰে সন্মানো জনালে শিক্ষাৰ্থীসকলে । অনুষ্ঠানত শিক্ষাৰ্থীসকলৰ অভিভাৱকসকলেও অংশগ্ৰহণ কৰে । গুৰু-শিষ্যৰ পৱিত্ৰ সম্পৰ্কত ফাট মেলা বহু নেতিবাচক খবৰে আজিৰ সমাজক উদ্বেগ্ন কৰি তোলাৰ সময়তে টিংখাঙত গুৰু-শিষ্যৰ এনে মধুৰ সম্পৰ্কই নিশ্চিতভাৱে এক ইতিবাচক ইংগিত দিছে ।

লগতে পঢ়ক :৮ দিনীয়া কাৰ্যসূচীৰে কাৰ্বি যুৱ মহোৎসৱৰ শুভাৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.