ETV Bharat / state

Sonowal Kachari Youth Festival: ডিব্ৰুগড়ত পাঁচ হাজাৰ নাচনীয়ে একেলগে নাচিলে লেচেৰী নৃত্য

ডিব্ৰুগড়ত বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছিল সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ (Sonowal Kachari Youth and Cultural Festival) ৷ লোকে লোকাৰণ্য হৈ পৰা মহোৎসৱত প্ৰতিকূল বতৰকো নেওচি পাঁচ হাজাৰ নাচনীয়ে একেলগে পৰিৱেশন কৰিলে লেচেৰী নৃত্য ৷

author img

By

Published : Mar 27, 2023, 1:54 PM IST

Youth and Cultural Festival
সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-2023

ডিব্ৰুগড়, 27 মাৰ্চ: প্ৰতিকূল বতৰৰ মাজতে একেলগে পাঁচ হাজাৰ নাচনীয়ে নাচিলে সোণোৱাল কছাৰী লেচেৰী নৃত্য । ডিব্ৰুগড়ৰ দুলীয়া-দাইনীজান হালালী সমন্বয় ক্ষেত্ৰত আয়োজন কৰা যুৱ আৰু সাংস্কৃতিক মহোৎসৱত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ ২৬ টা সমষ্টিৰ পৰা অহা নাচনী সকলে একেলগে কঁকাল ভাঙি নাচিলে লেচেৰী নৃত্য (Sonowal Kachari culture) ।

মহোৎসৱৰ শেষৰ দিনা লেচেৰী নৃত্যৰ নান্দনিক দৃশ্যই আপ্লুত কৰিলে উপস্থিত হাজাৰ হাজাৰ জনতাক । উল্লেখযোগ্য যে, সোণোৱাল কছাৰীসকলৰ কলা-কৃষ্টিৰ উপাদান, গীত-মাত, নৃত্য আদিৰ চৰ্চা সমাজৰ সকলো চামৰ মাজলৈ তৰান্বিত কৰি নিয়াৰ লক্ষ্যৰে আৰু নতুন প্ৰজন্মক তেওঁলোকৰ প্ৰতিভাৰ চর্চা আগবঢ়াই নিয়াৰ বাট উলিয়াই দিয়াৰ মানসেৰে সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে ডিব্ৰুগড়ৰ সমীপৰ দুলীয়া দাইনীজান গাঁৱৰ হালালী সমন্বয় ক্ষেত্ৰত আয়োজন কৰিলে ‘‘সোণোৱাল কছাৰী যুৱ আৰু সাংস্কৃতিক মহোৎসৱ-2023’’ (Sonowal Kachari Youth and Cultural Festival)। উদ্বোধনী অনুষ্ঠানত ১০০ গৰাকী সোণোৱাল জনজাতীয় শিল্পীয়ে পৰম্পৰাগত লেচেৰী বিহু প্ৰদৰ্শন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

মহোৎসৱত সোণোৱাল কছাৰী সংস্কৃতি প্ৰতিযোগিতা আৰু প্ৰদৰ্শন দুয়োটাই অনুষ্ঠিত হয় । পৰিষদৰ মুঠ ২৬ টা সমষ্টিত আয়োজন কৰা প্ৰাথমিক প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলে মহোৎসৱত নিৰ্দিষ্ট শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই । সংস্কৃতিৰ উপৰিও মহোৎসৱত ক্ৰীড়া প্ৰতিযোগিতাও অনুষ্ঠিত কৰে উদ্যোগতা সকলে । সোণোৱাল কছাৰী ক্ৰীড়া প্ৰতিভাসকলক সুযোগ প্ৰদান কৰা আৰু প্ৰতিভাক চিনাক্তকৰণ কৰাও মহোৎসৱৰ অন্যতম লক্ষ্য আছিল ।

ক্ৰীড়াৰ ক্ষেত্ৰত ইতিমধ্যে সৰ্বভাৰতীয় প্ৰেক্ষাপটত জিলিকি উঠা সকলক মহোৎসৱত উদ্দীপনা বঁটাৰে সন্মানিত কৰা হয় । এই অনুষ্ঠানত কেন্দ্ৰীয় জাহাজ, বন্দৰ, জল পৰিবহন দপ্তৰ আৰু আয়ুস মন্ত্ৰালয়ৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীকে ধৰি ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে । মহোৎসৱত অসমৰ জনগোষ্ঠীয় পৰম্পৰাগত খাদ্য মেলা, হস্ততাঁত, হস্তশিল্প সামগ্ৰীৰ মেলা আদিও প্ৰদৰ্শন কৰা হয় ।

লগতে পঢ়ক : Jal Jeevan Mission: মাহমৰাত জলজীৱন মিছনৰ আধাৰশিলা স্থাপন মন্ত্ৰী যোগেন মহনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.