ETV Bharat / state

সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ প্ৰাৰ্থীৰ বিজেপিত যোগদান - sonowal kachari autonomous Council

সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰে সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ১১ নং খাটোৱা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত নিৰ্দলীয় সাধাৰণ সদস্য ৰমণী হাজৰিকাই ৷

sonowal kachari autonomous Council member joins bjp
সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ খাটোৱা সমষ্টিৰ প্ৰাৰ্থীৰ বিজেপিত যোগদান
author img

By

Published : Jul 19, 2021, 10:49 PM IST

ডিব্ৰুগড়, 19 জুলাই : সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ ১১ নং খাটোৱা পৰিষদীয় সমষ্টিৰ পৰা নিৰ্বাচিত নিৰ্দলীয় সাধাৰণ সদস্য ৰমণী হাজৰিকাই সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰে । এই উপলক্ষে ডিব্ৰুগড়স্থিত পৰিষদৰ কাৰ্যালয়ৰ সভাগৃহত ক'ভিড প্ৰট'কল পালন কৰি এখন সভাৰ আয়োজন কৰা হয় ৷ হাজৰিকাৰ লগতে পৰিষদীয় সমষ্টিটোৰ কৰ্মী ৰাজেন সোণোৱাল, মৃদুল সোণোৱাল, পৰাগ সোণোৱাল, অনিল শইকীয়া, হিতেন্দ্ৰ শইকীয়া, দুলেশ্বৰ সোনোৱাল, তপন সোণোৱাল, ৰিংকু সোণোৱালেও দলৰ নীতি-আদৰ্শৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি বিজেপিত যোগদান কৰে ।

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন মাক্ৰাৰী আৰু জগদীশ ৰাজকোঁৱৰকে ধৰি কাৰ্যবাহী সদস্যসকলে ৰমণী হাজৰিকাৰ লগতে আন সদস্যসকলক আদৰণি জনায় ৷ সভাত ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি জগদীশ ৰাজকোঁৱৰ, পৰিষদৰ উপ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, অধ্যক্ষ মদন হাজৰিকা, উপাধ্যক্ষা অনামিকা বৰ শইকীয়া, কাৰ্যবাহী সদস্য ঋষিকেশ শইকীয়া, বিশ্বজিৎ সোণোৱাল, ৰিদীপ হাজৰিকা, ধীৰেণ সোণোৱাল, বসন্ত সোণোৱাল, ৰাজু সোণোৱাল আদি উপস্থিত থাকে ৷ উল্লেখ্য যে, ২০১৯ চনত অনুষ্ঠিত হোৱা পৰিষদীয় নিৰ্বাচনত পৰিষদৰ মুঠ ২৬ টা সমষ্টিৰ ভিতৰত বিজেপি দলে ২০ খন, কংগ্ৰেছ দলে ৫ খন আৰু নিৰ্দলীয় মাত্ৰ এখন আসন লাভ কৰিছিল ৷

সোণোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ খাটোৱা সমষ্টিৰ প্ৰাৰ্থীৰ বিজেপিত যোগদান

সেই নিৰ্দলীয় আসনখন খাটোৱা সমষ্টিৰ পৰা ৰমণী হাজৰিকাই দখল কৰিছিল ৷

পৰৱৰ্তী সময়ত কংগ্ৰেছ দলৰ ১৮ নং বৰহোলা সমষ্টিৰ পৰা নিৰ্বাচিত বিমলা সোণোৱালে বিজেপিত যোগদান কৰিছিল । ফলশ্ৰুতিত সম্প্ৰতি পৰিষদখনিত বিজেপি দলৰ সদস্যৰ সংখ্যা ২২ গৰাকীলৈ বৃদ্ধি পালে । আনহাতে মাত্ৰ তিনিজনীয়া সদস্যৰে কংগ্ৰেছ দলে পৰিষদখনত বিৰোধীৰ অস্তিত্ব ধৰি ৰাখিছে ।

লগতে পঢ়ক: পুনৰ এসপ্তাহলৈ জাৰি নতুন SOP

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.