ETV Bharat / state

বিহু মঞ্চত উঠা শিল্পীক কি কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ?

author img

By

Published : Apr 18, 2021, 6:50 AM IST

Updated : Apr 18, 2021, 9:42 AM IST

ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত বৃহত্তৰ ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত শনিবাৰে নিশাৰ ভাগত উপস্থিত হৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিহু উপভোগ কৰিলে ৷ লগতে ৰাজ্যৰ প্ৰতি গৰাকী শিল্পী তথা প্ৰতিখন বিহু উদযাপন সমিতিলৈ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে নীতি-নিয়মৰ মাজেৰে বিহু পালন কৰিবলৈ আহ্বান জনায় ৷

ক'ভিড নীতি-নিয়মৰ মাজেৰে বিহু পালন কৰিবলৈ আহ্বান সোণোৱালৰ

ডিব্ৰুগড়,18 এপ্ৰিল : শনিবাৰে ডিব্ৰুগড়ৰ চৌকিডিঙী খেলপথাৰত অনুষ্ঠিত বৃহত্তৰ ডিব্ৰুগড় কেন্দ্ৰীয় ৰঙালী উৎসৱত বিহু উপভোগ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ নিশাৰ ভাগত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ প্ৰতি গৰাকী শিল্পী তথা প্ৰতিখন বিহু উদযাপন সমিতিলৈ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলোৱে নীতি-নিয়মৰ মাজেৰে বিহু পালন কৰিবলৈ আহ্বান জনায় ৷ এই ক্ষেত্ৰত প্ৰতি গৰাকী শিল্পীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব বুলিও উল্লেখ কৰে ৷

বিহু মঞ্চত উঠা শিল্পীক কি কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ?

উল্লেখ্য যে, অনুষ্ঠানটোত মুখ্যমন্ত্ৰীগৰাকীৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, সাংসদ তপন কুমাৰ গগৈ, বিধায়ক প্ৰশান্ত ফুকন উপস্থিত থাকে ৷ ৰাইজৰ লগতে শিল্পীসকলকো সতৰ্ক হৈ অনুষ্ঠান পৰিৱেশনৰ বাবে আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ৰ প্ৰতিটো জাতি, জনগোষ্ঠী ভাষিক আৰু ধৰ্মৰ একোজনকৈ প্ৰতিনিধিক অসমীয়া জাতীয় জীৱনৰ সন্মান গামোচাৰে বিশেষভাৱে সম্বৰ্ধনা জনায় ৷

লগতে পঢ়ক: নাৰায়ণপুৰত বিহু উপভোগ কৰিলে মুখ্যমন্ত্ৰী সোণোৱালে

Last Updated : Apr 18, 2021, 9:42 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.