ডিব্ৰুগড়, 6 আগষ্ট: চৰাইদেউৰ সোণাৰিত চাকৰিৰ প্ৰলোভন দি ৰঙাঘৰৰ আলহী হ'বলগা হ'ল চৰাইদেউৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ মুখ্য গাণনিক বিষয়া অমৃত গগৈ (Accountant arrested at Sonari)। দুটা দিনৰ পূৰ্বে ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আটক কৰিছিল বিষয়াজনক ।
ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত সোণাৰি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)৪২০/৪০৮/৪০৯/৪৬৮/৪৭১ ধাৰাৰ অধীনত ১২১/২২ নম্বৰত এক গোচৰ ৰজু কৰি দালাল অমৃত গগৈক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে(Arrested officer Amrit Gogoi) । ইয়াৰ পাছতে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰি গ্ৰেপ্তাৰ হোৱা অমৃত গগৈক লগত লৈ চৰাইদেউ জিলা যুটিয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত তালাচী চলালে সোণাৰি আৰক্ষীয়ে ।
অমৃত গগৈৰ গৃহতো তদন্তকাৰী আৰক্ষীৰ দলটোৱে অভিযান চলায় । যুটিয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ পৰা কিছু নথি-পত্ৰ আৰু গুৰুত্বপূৰ্ণ ফাইল জব্দ কৰিছে আৰক্ষীয়ে । অভিযুক্ত অমৃত গগৈয়ে নিজেই সংবাদ মাধ্যমৰ আগত কয়, "এটা বিশেষ ফাইল বিচাৰি পোৱা নাই, পালে মই সকলো ক'ব পাৰিম"।
লগতে পঢ়ক: Corrupted accountant arrested: লাখ লাখ টকা আত্মসাৎ কৰি ৰঙাঘৰলৈ গ’ল অমৃত গগৈ