মৰাণ, 22 মাৰ্চ: ৰাজ্যজুৰি ক্ৰমাৎ বৃদ্ধি হৈছে অপৰাধজনিত ঘটনা (Murder case at Tingkhang)৷ প্ৰতিদিনে ইটোৰ পিচত সিটোকৈ হত্যাকাণ্ডৰ ঘটনাই সংবাদমাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ সময়তে এইবাৰ ডিব্ৰুগড় জিলাৰ টিংখাঙত লোমহৰ্ষক হত্যাৰ ঘটনা পোহৰলৈ আহিছে ৷ সুৰাৰ ৰাগীত পুত্ৰৰ হাতত প্ৰাণ হেৰুৱালে সতিয়া পিতৃয়ে (Son killed stepfather)৷
যিসময়ত ঘৰুৱা চুলাইয়ে ৰজাঘৰৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে তেনে সময়তে চুলাইৰ বাবেই সংঘটিত হৈছে এই নৃশংস হত্যাকাণ্ডৰ ঘটনা ৷ ডিব্ৰুগড় জিলাৰ টিংখাং আৰক্ষী থানাৰ অন্তৰ্গত থেকেৰাগুৰি গাঁৱত মঙলবাৰে নিশা প্ৰতিদিনৰ দৰে পিতা আৰু পুত্ৰই বহি চুলাই সেৱন কৰি আছিল ৷ তেনে সময়তে দুয়োৰে এটা সৰু কথাত তৰ্কা তৰ্কি হয় ৷ তাৰ পিচতেই এই কাজিয়াই চৰম পৰিণতি পোৱাত কাষতে থকা এটা পটাগুটিৰে সতিয়া পিতৃক থেতেলিয়াই থেতেলিয়াই হত্যা কৰে ৷
মাতৃয়ে কোঠালৈ আহি পিতা পুত্ৰৰ এই অৱস্থা দেখি স্বামীক মাত দিয়ে যদিও তেতিয়ালৈ তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ৷ পিতৃহন্তা যুৱকজন ইচুদিয়া আইয়ান (২৩) বুলি জানিব পৰা গৈছে (Accused son arrested)৷ দুৰ্ভগীয়া পিতৃৰ নাম ইলিয়া তিৰ্কী বুলি জানিব পৰা গৈছে ৷
পাৰিবাৰিক সংঘাতৰ বাবেই এই জঘন্য হত্যাকাণ্ড সংঘটিত কৰা বুলি আশংকা কৰা হৈছে ৷ ইতিমধ্যে ৰাজগড় আৰক্ষীয়ে এই ঘটনাৰ কথা গম পাই ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে ৷ ইয়াৰ লগতে আৰক্ষীয়ে নিজ বাসগৃহৰ পৰা হত্যাকাৰী পুত্ৰক আটক কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে পুত্ৰক সোধা-পোছা কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
ইফালে এই ঘটনা সন্দৰ্ভত মাতৃয়ে কোৱা অনুসৰি হত্যাকাৰী পুত্ৰ মানসিকভাৱে অসুস্থ, অলপ কথাতে খঙাল হৈ পৰে পুত্ৰ ৷ চুলাইৰ ৰাগীৰ বাবেই এই ঘটনা সংঘটিত হৈছে বুলি সদৰী কৰে মাতৃয়ে ৷
লগতে পঢ়ক: Lakhimpur murder case: জালত পৰিল মোমায়েকৰ তেজেৰে হাত ৰাঙলী কৰা ইমাম ছফিকুল