ETV Bharat / state

লক্​ ডাউন শিথিলতাক লৈ চিন্তিত একাংশ ডিব্ৰুগড়বাসী

এক তৃতীয়াংশ ব্যৱসায় প্ৰতিষ্ঠানৰ বিপৰীতে কেবাখনো দোকান-পোহাৰ মুকলি কৰা দেখা পোৱা গৈছে ডিব্ৰুগড়ত ৷ ইয়াৰোপৰি বিভিন্ন প্ৰান্তৰ পৰা জিলাখনলৈ যান-বাহন চলাচল কৰাৰ লগতে অন্য স্থানত আবদ্ধ হৈ থকা লোকসকলেও যাতায়ত কৰা পৰিলক্ষিত হৈছে ।

author img

By

Published : May 5, 2020, 5:30 PM IST

ডিব্ৰুগড়
ডিব্ৰুগড়

ডিব্ৰুগড়, 5 মে : গ্ৰীণ জ'ন হিচাপে চিহ্নিত জিলাসমূহত লক্​ ডাউন শিথিল কৰা সিদ্ধান্তক লৈ চিন্তিত ডিব্ৰুগড়ৰ একাংশ সচেতন লোক ৷ জিলাখনত বৰ্তমান Covid-19 ত আক্ৰান্ত ৰোগী নাই যদিও লক্​ ডাউনৰ শিথিলতাই চিন্তাত পেলাইছে ডিব্ৰুগড়বাসীক ৷ গ্ৰীণ জ'ন ঘোষণা কৰাৰ পাছতে চহৰখনত ব্যাপক ভিৰ পৰিলক্ষিত হোৱাৰ লগতে কোনো ধৰণৰ নীতি-নিৰ্দেশনা মানি চলা নাই সাধাৰণ ৰাইজে ৷

ডিব্ৰুগড়

এক তৃতীয়াংশ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ বিপৰীতে কেবাখনো দোকান-পোহাৰ মুকলি কৰা দেখা গৈছে চহৰখনত ৷ ইয়াৰোপৰি বিভিন্ন প্ৰান্তৰ পৰা জিলাখনলৈ যান-বাহন চলাচল কৰাৰ লগতে অন্য স্থানত আবদ্ধ হৈ থকা লোকসকলেও যাতায়ত কৰা পৰিলক্ষিত হৈছে । ফলত কৰ'ণা ভাইৰাছ সংক্ৰমণৰ আশংকা বৃদ্ধি পাইছে জিলাখনত ৷ সেয়ে চৰকাৰৰ এই সিদ্ধান্তক মানি ল'ব বিচৰা নাই একাংশ ব্যৱসায়ীয়ে । ১৭ মে'লৈ নিজৰ জীৱনৰ সুৰক্ষাৰ বাবে জনসাধাৰণক লক্​ ডাউন মানি চলিবলৈ আহ্বান জনাইছে একাংশ সচেতন লোকে ৷

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.